প্ৰধানমন্ত্ৰী মোডীৰ শাসন আৰ্হিৰ দেৱেগৌড়া আৰু চন্দ্ৰবাবু নাইডুৰ প্ৰশংসা
নতুন দিল্লী, ০৯ জুন (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে একেৰাহে ৪৩৯৯ দিন কাৰ্যভাৰ সম্পূৰ্ণ কৰাৰ উপলক্ষে প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ.ডি. দেৱ গৌড়া আৰু অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে নিজ নিজ প্ৰবন্ধত তেওঁৰ নেতৃত্ব, শাসনৰ আৰ্হি আৰ
पूर्व प्रधानमंत्री एच.डी. देवेगौड़ा (फाइल फोटो)


आंध्र प्रदेश के मुख्यमंत्री एन. चंद्रबाबू नायडू (फाइल फोटो)


নতুন দিল্লী, ০৯ জুন (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে একেৰাহে ৪৩৯৯ দিন কাৰ্যভাৰ সম্পূৰ্ণ কৰাৰ উপলক্ষে প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ.ডি. দেৱ গৌড়া আৰু অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে নিজ নিজ প্ৰবন্ধত তেওঁৰ নেতৃত্ব, শাসনৰ আৰ্হি আৰু দেশত তেওঁ দেখা পৰিৱৰ্তনৰ ওপৰত আলোকপাত কৰে। দুয়োগৰাকী নেতাই ভাৰতৰ অৰ্থনৈতিক অগ্ৰগতি, সামাজিক অন্তৰ্ভুক্তি, প্ৰযুক্তিগত বিকাশ আৰু গণতান্ত্ৰিক শক্তিশালীকৰণক এই সময়ছোৱাৰ প্ৰধান কৃতিত্ব হিচাপে উল্লেখ কৰে।

প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ.ডি. দেৱগৌড়াই তেওঁৰ লেখাত গণতান্ত্ৰিক দৃষ্টিকোণৰ পৰা প্ৰধানমন্ত্ৰী মোডীৰ কাৰ্যকাল বিশ্লেষণ কৰিছিল । তেওঁ উল্লেখ কৰে যে এই ক্ষেত্ৰত জৱাহৰলাল নেহৰুৰ অভিলেখ অতিক্ৰম কৰি মোডী দেশৰ আটাইতকৈ দীৰ্ঘদিনীয়া গণতান্ত্ৰিকভাৱে নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হৈছে।

দেৱগৌড়াই ভাৰতৰ গণতান্ত্ৰিক সম্প্ৰসাৰণৰ ওপৰত আলোকপাত কৰি উল্লেখ কৰে যে ১৯৫২ চনৰ প্ৰথম সাধাৰণ নিৰ্বাচনত মাত্ৰ ৫৩ টা ৰাজনৈতিক দল আৰু প্ৰায় ১৭ কোটি ভোটাৰ আছিল যদিও ২০২৪ চনৰ লোকসভা নিৰ্বাচনত ২,৫৯৩ টা ৰাজনৈতিক দলে অংশগ্ৰহণ কৰিছিল আৰু দেশৰ জনসংখ্যা এতিয়া ১৪৬ কোটি অতিক্ৰম কৰিছে।

দেৱেগৌড়াই কয় যে বৰ্তমানৰ কেন্দ্ৰীয় কেবিনেট সামাজিক প্ৰতিনিধিত্বৰ ক্ষেত্ৰত অধিক বহল ভিত্তি আৰু সৰ্বাংগীন। তেওঁ উল্লেখ কৰে যে মোডী কেবিনেটত অন্যান্য পিছপৰা শ্ৰেণী (অ’বিচি)ৰ ২৭ জন, অনুসূচিত জাতি (এছচি)ৰ ১০ জন আৰু অনুসূচিত জনজাতি (এছটি) সম্প্ৰদায়ৰ ৫ জন মন্ত্ৰী অন্তৰ্ভুক্ত কৰা হৈছে।

তেওঁ নাৰী শক্তি বন্দন আইন (মহিলা সংৰক্ষণ বিধেয়ক)ক মহিলাৰ ৰাজনৈতিক অংশগ্ৰহণ বৃদ্ধিৰ দিশত এক ঐতিহাসিক পদক্ষেপ বুলি অভিহিত কৰে। তেওঁৰ মতে এই আইনখনে সংসদ আৰু ৰাজ্যিক বিধানসভাত মহিলাৰ প্ৰতিনিধিত্ব সুদৃঢ় কৰাৰ পথ প্ৰশস্ত কৰিব।

দেৱেগৌড়াই কয় যে বৰ্তমান ছ’চিয়েল মিডিয়াৰ যুগত জনজীৱনত সমালোচনা অধিক ব্যক্তিগত আৰু চোকা হৈ পৰিছে যদিও প্ৰধানমন্ত্ৰী মোদীয়ে সক্ৰিয় হৈ আছে আৰু দেশক দিশ প্ৰদান কৰি আছে। ৰাষ্ট্ৰীয় নিৰাপত্তা বিষয়ত প্ৰধানমন্ত্ৰীৰ শক্তিশালী নেতৃত্ব আৰু মন কি বাতৰ দৰে কাৰ্যসূচীৰ জৰিয়তে জনসাধাৰণৰ সৈতে তেওঁৰ প্ৰত্যক্ষ যোগাযোগক গুৰুত্বপূৰ্ণ বুলিও তেওঁ আলোকপাত কৰে।

অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে তেওঁৰ প্ৰবন্ধত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৰাষ্ট্ৰ প্ৰথম আৰু সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাসক ভাৰতৰ উন্নয়নৰ ভেটি বুলি অভিহিত কৰিছে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ সাংস্কৃতিক ঐতিহ্য আৰু সভ্যতাৰ গৌৰৱক আধুনিক শাসন আৰু প্ৰযুক্তিৰ সৈতে সংযুক্ত কৰি উন্নয়নৰ এক নতুন আৰ্হি দাঙি ধৰিছে।

নাইডুৰ মতে বিগত ১২ বছৰত ভাৰতে উল্লেখযোগ্য অৰ্থনৈতিক অগ্ৰগতি লাভ কৰিছে। বিশ্বৰ ১১ নং বৃহত্তৰ অৰ্থনীতিৰ পৰা চতুৰ্থ বৃহত্তম দেশলৈ উন্নীত হৈছে। তেওঁ ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি (ডিপিআই), জন ধন যোজনা, আধাৰ, আৰু ইউপিআইক বিত্তীয় অন্তৰ্ভুক্তিৰ দিশত ঐতিহাসিক পদক্ষেপ বুলি অভিহিত কৰে।

মুখ্যমন্ত্ৰী নাইডুৱে কয় যে প্ৰত্যক্ষ লাভ হস্তান্তৰ (ডিবিটি) ব্যৱস্থাৰ জৰিয়তে ৫১ লাখ কোটিতকৈ অধিক টকা পোনপটীয়াকৈ হিতাধিকাৰীৰ বেংক একাউণ্টলৈ স্থানান্তৰ কৰা হয়, যাৰ ফলত মধ্যভোগীৰ ভূমিকা নাইকিয়া হয় আৰু চৰকাৰী আঁচনিৰ স্বচ্ছতা বৃদ্ধি পায়।

নাইডুৱে কয় যে মোডী চৰকাৰৰ দিনত ঘাইপথ, ৰে’লৱে, বন্দৰ, বিমানবন্দৰ, আৰু নবীকৰণযোগ্য শক্তি খণ্ডত ব্যাপক বিনিয়োগ কৰা হৈছিল। তেওঁ প্ৰতিযোগিতামূলক আৰু সমবায় ফেডাৰেলিজমৰ ধাৰণাটোক কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত উন্নত সমন্বয়ৰ ভিত্তি হিচাপে বৰ্ণনা কৰে।

তেওঁৰ মতে, অন্ধ্ৰপ্ৰদেশো এই নীতিৰ দ্বাৰা লাভৱান হৈছে। অমৰাৱতী প্ৰকল্প, ঔদ্যোগিক উন্নয়ন, আন্তঃগাঁথনি সম্প্ৰসাৰণ, আৰু নতুন প্ৰযুক্তিৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ সহযোগত ৰাজ্যখনে যথেষ্ট অগ্ৰগতি লাভ কৰিছে।

নাইডুৱে কয় যে ইতিহাসে এই সময়ছোৱা কেৱল অৰ্থনৈতিক বিকাশ বা ৰাজনৈতিক স্থিতিশীলতাৰ বাবেই নহয়, ভাৰতৰ আত্মবিশ্বাস পুনৰুদ্ধাৰ আৰু “উন্নত ভাৰত ২০৪৭”ৰ সংকল্পৰ বাবেও মনত ৰাখিব।

তেওঁলোকৰ প্ৰবন্ধত দুয়োগৰাকী নেতাই জোৰ দি কয় যে প্ৰধানমন্ত্ৰী মোডীৰ ১২ বছৰীয়া কাৰ্যকালয়ে কেৱল ৰাজনৈতিক স্থিতিশীলতাই নহয়, স্বাৱলম্বী ভাৰত, প্ৰযুক্তিগত অগ্ৰগতি, সামাজিক অন্তৰ্ভুক্তি, আৰু বিশ্ব মঞ্চত ভাৰতৰ ক্ৰমবৰ্ধমান সুনামকো প্ৰতিনিধিত্ব কৰে। তেওঁলোকৰ মতে এই সময়ছোৱা ভাৰতৰ উন্নয়নৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ অধ্যায় হিচাপে লিপিবদ্ধ হ’ব, যাৰ ফলত দেশখনক আত্মবিশ্বাস, আধুনিকতা, আৰু বিশ্ব নেতৃত্বৰ এক নতুন দিশ প্ৰদান কৰা হ’ব।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande