
গোৱালপাৰা, ০৯ জুন (হি.স.)। গোৱালপাৰাত বেংক চুৰি কাণ্ডৰ সৈতে জৰিত চোৰক গ্ৰেপ্তাৰ। গোৱালপাৰা চহৰৰ এছবিআই বজাৰ ব্ৰাঞ্চ চুৰিকাণ্ডৰ সৈতে জড়িত এজনক গোৱালপাৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। আৰক্ষী গোপন সুত্ৰে লাভ কৰা তথ্য়ৰ ভিত্তিত অভিযান চলাই গোৱালপাৰা চহৰৰ কলেজ ৰোডৰ পৰা হাফিজুৰ ৰহমান নামৰ এজন ধৃত চোৰক গ্ৰেপ্তাৰ কৰিব সক্ষম হয়।
ধৃত চোৰ হাফিজুৰ ৰহমানৰ পৰা চুৰি কাৰ্যত ব্যৱহাৰ কৰা সামগ্ৰী উদ্ধাৰ কৰে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা