



শোণিতপুৰ, ০৯ জুন (হি.স.)। আজি তেজপুৰৰ বটামাৰীস্থিত কনভেনচন চেণ্টাৰত অসম চৰকাৰৰ হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম; ক্ৰীড়া আৰু যুৱ কল্যাণ আদি বিভাগৰ সন্মানীয় কেবিনেট মন্ত্ৰী তথা শোণিতপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী শ্ৰী বিশ্বজিৎ দৈমাৰীৰ সভাপতিত্বত এখন বিস্তৃত জিলা পৰ্যালোচনা সভা তথা বান প্ৰস্তুতি পৰ্যালোচনা সভা অনুষ্ঠিত হয়। উল্লেখযোগ্য যে শোণিতপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে দ্বায়িত্ব লাভ কৰাৰ পিছতেই মাননীয় মন্ত্ৰী গৰাকীয়ে আজি প্ৰথমখন জিলা পৰ্যায়ৰ পৰ্যালোচনা সভাত সভাপতিত্ব কৰে।
সভাত শোণিতপুৰ লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ শ্ৰী ৰঞ্জিত দত্ত, তেজপুৰ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰী পৃথ্বিৰাজ ৰাভা, নদুৱাৰ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰী পদ্ম হাজৰিকা, বৰছলা বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰী ঋতু বৰণ শৰ্মা, জিলা আয়ুক্ত শ্ৰী আনন্দ কুমাৰ দাস, জ্যেষ্ঠ আৰক্ষী অধীক্ষক শ্ৰী বৰুণ পুৰকায়স্থ, জিলা উন্নয়ন আয়ুক্ত শ্ৰী সঞ্জীৱ কুমাৰ শৰ্মা, শোণিতপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী জয়ন্ত কুমাৰ বৰা, অতিৰিক্ত জিলা আয়ুক্তসকল, সম-জিলা আয়ুক্তসকল, অন্যান্য জিলা পৰ্যায়ৰ বিষয়া, বিভিন্ন বিভাগৰ মুৰব্বী আৰু সংশ্লিষ্ট বিভাগসমূহৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে।
সভাত মূলতঃ আগন্তুক বাৰিষা ঋতু আৰু সম্ভাৱ্য বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন বিভাগে গ্ৰহণ কৰা প্ৰস্তুতিমূলক ব্যৱস্থাসমূহৰ পৰ্যালোচনা কৰা হয়।
শোণিতপুৰ জিলাৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া তথা অতিৰিক্ত জিলা আয়ুক্ত (ৰাজহ) শ্ৰী কমল বৰুৱাই সাম্ভাব্য বান পৰিস্থিতিৰ প্ৰস্তুতি সম্পৰ্কে এক বিস্তৃত উপস্থাপন আগবঢ়ায়। উপস্থাপনত ২০২৬ বৰ্ষৰ বাবে জিলাখনৰ বান পৰিস্থিতিৰ প্ৰস্তুতিৰ ৰোডমেপ, পূৰ্বৱৰ্তী বছৰৰ অভিজ্ঞতাৰ পৰা আহৰণ কৰা শিক্ষা, সাহায্য সামগ্ৰীৰ উপলব্ধতা, উদ্ধাৰ আৰু স্থানান্তৰণ পৰিকল্পনা, লগতে আন্তঃবিভাগীয় সমন্বয় ব্যৱস্থাৰ বিষয়ে আলোকপাত কৰা হয়।
জলসম্পদ বিভাগ আৰু লোক নিৰ্মাণ(পথ) বিভাগে বানপ্ৰৱণ নদীপৰীয়া অঞ্চলসমূহত মথাউৰি, সুৰক্ষা ব্যৱস্থা আৰু চলি থকা কামৰ বৰ্তমান অৱস্থা উপস্থাপন কৰে। পশুপালন আৰু পশু চিকিৎসা বিভাগে জৰুৰীকালীন পৰিস্থিতিত পশুৰ বাবে শিবিৰ স্থাপন, পশুখাদ্য উপলব্ধতা সম্পৰ্কে সভাক অৱগত কৰে।
জনস্বাস্থ্য কাৰিকৰী বিভাগক বান পৰিস্থিতিৰ সময়ত নিৰাপদ খোৱাপানীৰ নিৰৱচ্ছিন্ন যোগান নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়া হয়। সন্মানীয় মন্ত্ৰীগৰাকীয়ে সাহায্য শিবিৰ আৰু ক্ষতিগ্ৰস্ত অঞ্চলসমূহত খোৱাপানী যোগান ব্যৱস্থা অধিক ফলপ্ৰসূ কৰাৰ উদ্দেশ্যে বহনযোগ্য পানী সংৰক্ষণ ব্যৱস্থা আৰু প্ৰয়োজনীয় আন্তঃগাঁথনিৰ পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ আগবঢ়ায়।
অসম শক্তি বিতৰণ কোম্পানী লিমিটেড (এপিডিচিএল) আৰু শক্তি বিভাগক বিকল্প বিদ্যুৎ যোগান ব্যৱস্থা আৰু জৰুৰীকালীন পুনৰুদ্ধাৰ পৰিকল্পনাৰে সম্পূৰ্ণ সাজু হৈ থাকিবলৈ নিৰ্দেশ দিয়া হয়, যাতে বানৰ সময়ত বিদ্যুৎ যোগানৰ ব্যাঘাত নূন্যতম হয়।
মহিলা আৰু শিশু উন্নয়ন বিভাগক সাহায্য শিবিৰসমূহত প্ৰযোজ্য সকলো ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ (SOP) কঠোৰভাৱে অনুসৰণ কৰিবলৈ নিৰ্দেশ দিয়া হয়। বিশেষকৈ শিশু, গৰ্ভৱতী মহিলা আৰু স্তনপান কৰাই থকা মাতৃসকলৰ পুষ্টিগত প্ৰয়োজনীয়তাৰ প্ৰতি বিশেষ গুৰুত্ব আৰোপ কৰি শিশুখাদ্য আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ উপলব্ধতা নিশ্চিত কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়।
স্বাস্থ্য বিভাগ আৰু জৰুৰীকালীন সেৱাই বানপীড়িত লোকসকলৰ বাবে ঔষধ, চিকিৎসা দল, এম্বুলেন্স আৰু জৰুৰীকালীন স্বাস্থ্যসেৱা ব্যৱস্থাৰ উপলব্ধতা পৰ্যালোচনা কৰে। ভূমি সংৰক্ষণ বিভাগক স্পৰ্শকাতৰ অঞ্চলসমূহত প্ৰয়োজনীয় প্ৰতিৰোধমূলক আৰু সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হয়।
কৃষি বিভাগক বানৰ ফলত হোৱা শস্য ক্ষতিৰ ওপৰত নিবিড় নজৰ ৰাখি প্ৰযোজ্য চৰকাৰী আঁচনিৰ অধীনত ক্ষতিগ্ৰস্ত কৃষকসকলৰ ক্ষয়-ক্ষতিৰ সময়মতে মূল্যায়ন আৰু ক্ষতিপূৰণ নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়া হয়।
সভাত ভাষণ প্ৰদান কৰি সন্মানীয় অভিভাৱক মন্ত্ৰীগৰাকীয়ে কয় যে বানৰ দৰে জৰুৰীকালীন পৰিস্থিতিৰ বাবে প্ৰস্তুতি গ্ৰহণ কৰাটো সকলো চৰকাৰী বিষয়া আৰু বিভাগৰ এক সামূহিক দায়িত্ব। তেওঁ সংশ্লিষ্ট সকলো অংশীদাৰক সতৰ্ক থাকি সমন্বয়ৰ মাজেৰে কাম কৰিবলৈ নিৰ্দেশ দিয়ে, যাতে যিকোনো বান পৰিস্থিতিত মানৱ জীৱন, পশুধন আৰু সম্পত্তিৰ ক্ষয়-ক্ষতি নূন্যতম কৰিব পৰা যায়। মন্ত্ৰীগৰাকীয়ে লগতে সাহায্য আৰু ক্ষতিপূৰণ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে, যাতে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহে চৰকাৰী নীতি-নিৰ্দেশনা অনুসৰি সময়মতে প্ৰয়োজনীয় সহায় আৰু সমৰ্থন লাভ কৰে।
সভাৰ অন্তত জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে সন্মানীয় অভিভাৱক মন্ত্ৰী মহোদয়ক সন্মান আৰু শুভেচ্ছা স্বৰূপে জি.আই. টেগপ্ৰাপ্ত বিখ্যাত তেজপুৰ লিচুৰ এক উপহাৰৰ টোপোলা প্ৰদান কৰে।
আনহাতে, বিধানসভাৰ অধ্যক্ষ হৈ থকা বিগত কালত উত্থাপিত অভিযোগ খণ্ডন কৰি তেজপুৰৰ সাংবাদিকক বিধানসভা মজিয়াত কি উন্নয়ন হৈছে সেই সম্পৰ্কে উল্লেখ কৰি প্ৰয়োজন হ'লে বিধানসভাৰ বুজ ল’বলৈ তেজপুৰীয়া সাংবাদিককো আমন্ত্ৰণ জনালে মন্ত্ৰী গৰাকীয়ে ৷ ইফালে, তেজপুৰৰ লিচু সন্দৰ্ভত কয় যে — এজন বা দুজনে ৰোপন কৰা লিচু গছৰ ফল খাই থাকিলেই নহ'ব ৷ সকলোৱে লিচু পুলি ৰোপন কৰিলেহে এখন বহল বজাৰ লাভ কৰিবলৈ সক্ষম হ'ব বুলি উল্লেখ কৰে ৷ মন্ত্ৰী বিশ্বজিত দৈমাৰীয়ে আগন্তুক দিনত তেজপুৰ তথা জিলাখনৰ লোকে সকলো ধৰণৰ অভাৱ-অভিযোগ সম্পৰ্কে স্থাপন হ'ব লগীয়া অভিভাৱক মন্ত্ৰীৰ কাৰ্যালয়ত দাখিল কৰিব পাৰিব আৰু পাৰ্যমানে অভাৱ-অভিযোগ দূৰ কৰাৰ চেষ্টা চলাব বুলি সদৰি কৰি তেজপুৰৰ প্ৰত্নতাত্বিক সমল সমৃদ্ধ ঐতিহাসিক গড়দৌলৰ উন্নয়নকে ধৰি সৰ্বক্ষেত্ৰত সৰ্বাংগীণ উন্নয়নত অগ্ৰসৰ হ'ব লাগিব বুলি উল্লেখ কৰে ৷
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ