
ডিব্ৰুগড়, ০৯ জুন (হি.স.): ডিব্ৰুগড়ত ৰহস্যজনকভাৱে সন্ধানহীন হৈছে এজন যুৱক। ডিব্ৰুগড় মেডিকেল কলেজৰ পি এন বি গাৰ্লছ (PNB Girls) কেণ্টিনত কৰ্মৰত আছিল যুৱকজন। যোৱা ২২ মে'ৰ পৰাই নিৰুদ্দেশ হৈ আছে টিংখাঙৰ ৰাজগড় ৰংছোৱালৰ প্ৰাঞ্জল লাহন নামৰ যুৱকজন। ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰী ব্যক্তিজন সন্ধানহীন হোৱাত এতিয়া হাহাকাৰ লাগিছে পৰিয়ালটোত।
জানিব পৰামতে, প্ৰায় ডেৰ মাহ পূৰ্বে ডিব্ৰুগড় মেডিকেল কলেজৰ পি এন বি গাৰ্লছ কেণ্টিনত কৰ্মজীৱন আৰম্ভ কৰিছিল প্ৰাঞ্জলে। কিন্তু যোৱা ২২ মে' তাৰিখে নিজৰ কৰ্মস্থলীৰ পৰাই তেওঁ ৰহস্যজনকভাৱে সন্ধানহীন হয়। পত্নীয়ে ফোন কৰাত ফোনটো বাজি কাটি যায় আৰু পৰৱৰ্তী সময়ত চুইচ অফ আহে। তাৰ পিছৰ পৰাই তেওঁৰ সৈতে পৰিয়ালৰ কোনো যোগাযোগ সম্ভৱ হোৱা নাই। পত্নীৰ মতে যুৱকজনৰ এনে আকস্মিক নিৰুদ্দেশৰ ফলত এতিয়া পত্নী, ৬ বছৰীয়া পুত্ৰ, ভগ্নী, আইতাক আৰু পিতৃ-মাতৃৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে।
ইতিমধ্যে পৰিয়ালৰ লোকে ডিব্ৰুগড় সদৰ থানা আৰু বৰবাম আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে। স্থানীয় বিধায়ক বিমল বৰাৰ জৰিয়তেও জিলা আৰক্ষী অধীক্ষকক অৱগত কৰা হৈছে যদিও এতিয়ালৈকে যুৱকজনৰ কোনো শুংসূত্ৰ লাভ কৰা নাই। আত্মীয়ৰ মতে কোনো সদাশয় ব্যক্তিয়ে সন্ধানহীন প্ৰাঞ্জল লাহনৰ বিষয়ে জানিব পাৰিলে 8724026625 অথবা 9126068950 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে কাতৰ আহ্বান জনাইছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ