
দক্ষিণ শালমাৰা-মানকাচৰ, ০৯ জুন (হি.স.): দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ হাজিৰহাট-ধুবুৰী সংযোগী যাত্ৰীবাহী ফেৰীত পুনৰ এক অঘটন সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে । ফেৰি খনৰ মালিক জহৰ উদ্দিনে প্ৰশাসনৰ নিৰ্দেশনা অমান্য কৰি নিজৰ ইচ্ছামতে ভাড়া আদায় কৰাৰ লগতে ন্যূনতম সুবিধা নিদিয়াকৈ সেৱা চলাই থকাৰ অভিযোগ উত্থাপিত হৈছে ।
জানিব পৰা মতে, সোমবাৰে পুৱা হাজিৰহাট ঘাটৰ পৰা ধুবুৰীৰ উদ্দেশ্যে ৰাওনা হোৱা ফেৰীখন নদীৰ মাজত থকা অৱস্থাত এজন যাত্ৰী শৌচাগাৰত প্ৰৱেশ কৰাৰ সময়তে কালি বিয়লি শৌচাগাৰৰ তলিৰ কাঠ ভাঙি পৰে । এই ঘটনাত যাত্ৰীজন আঘাতপ্ৰাপ্ত হয়। প্ৰত্যক্ষদৰ্শীৰ অভিযোগ অনুসৰি, ঘটনাৰ পিছত আঘাতপ্ৰাপ্ত যাত্ৰীজনক প্ৰয়োজনীয় সহায় আগবঢ়োৱাৰ পৰিৱৰ্তে ফেৰীৰ কনটেক্টাৰ ঘটনাস্থল ত্যাগ কৰি পলায়ন কৰে । ঘটনাক কেন্দ্ৰ কৰি যাত্ৰীসকলৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে।
যাত্ৰীসকলে অভিযোগ কৰে যে, ফেৰীখনৰ বিভিন্ন অংশ জৰাজীৰ্ণ হোৱাৰ পিছতো কৰ্তৃপক্ষই কোনো ধৰণৰ মেৰামতি বা সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰা নাই। ফলত প্ৰতিদিনে শতাধিক যাত্ৰী জীৱনৰ ঝুঁকি লৈ এই জলপথে যাতায়ত কৰিবলগীয়া হৈছে । ইফালে, ঘটনাটোৰ উচিত তদন্ত কৰি দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ফেৰী সেৱাৰ সুৰক্ষা নিশ্চিত কৰাৰ দাবী জনাইছে স্থানীয় ৰাইজ আৰু যাত্ৰীসকলে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ