
বৰপেটা, ০৯ জুন (হি.স.)। অভিভাৱক মন্ত্ৰীৰ দায়িত্ব লাভৰ পিচতে বৰপেটাত উপস্থিত হ'ল মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰ |
অসম চৰকাৰৰ সামাজিক নাযায় আৰু সৱলীকৰণ, ভূমি সংৰক্ষণ আৰু সংখ্যালঘু কল্যাণ আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰে আজি বৰপেটাৰ বিধায়ক দীপক কুমাৰ দাসৰ সৈতে বৰপেটা সত্ৰ দৰ্শণ কৰে |
মাধৱদেৱ গুৰুজনাই স্থাপন কৰা বৰপেটা সত্ৰত সেৱা জনাই অভিভাৱক মন্ত্ৰীগৰাকীয়ে বৰপেটা জিলাবাসীৰ মংগল কামনা কৰাৰ লগতে জিলাখনৰ উন্নয়নৰ বাবে চেষ্টা চলাব বুলি মন্তব়্য কৰে মন্ত্ৰীগৰাকীয়ে |
শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কোচ ৰাজ্যৰ পৰাই অসমৰ ভাষা, কলা, সংস্কৃতি ৰক্ষাৰ বাবে কাম কৰিছিল |
বৰপেটা মধুপুৰৰ মাজত পূৰ্বৰ পৰা থকা সমন্বয় যাতে অধিক দৃঢ় হয় সেই আশাও পোষণ কৰে মন্ত্ৰী গৰাকীয়ে |
শ্ৰীমন্ত শংকৰদেৱৰ পৱিত্ৰ ভূমি বৰপেটাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব লাভ কৰাৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনায় |
মন্ত্ৰীগৰাকীয়ে আজি বৰপেটা জিলা প্ৰশাসনৰ সৈতে সম্ভাব্য বান সমস্যা সম্পৰ্কে এখন বৈঠকত অংশগ্ৰহন কৰে |
মুখ্যমন্ত্ৰীৰ সহযোগিতাত আগন্তুক দিনত বৰপেটা উন্নয়নৰ ক্ষেত্ৰত আগবাঢ়ি যাব বুলি আশাবাদী মন্ত্ৰী গৰাকী.
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা