
বৰপেটা, ০৯ জুন (হি.স.)। বৰপেটাৰোডত বীৰ বিৰছা মুণ্ডাৰ ১২৬ সংখ্যক পুণ্য তিথি উদযাপন |
অসম মুণ্ডা ৰিজিঅনেল কমিটী’ৰ উদ্যোগত বৰপেটাৰোড সাহিত্য সভা ভৱনত অনুস্থিত গাম্ভীৰ্যপূৰ্ণ অনুস্থানত ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অগ্ৰণী সেনানী
‘ধৰতী আবা’ তথা মুণ্ডা সমাজৰ আৰাধ্য পুৰুষ বীৰ বিৰছা মুণ্ডাৰ প্ৰতিচ্ছবিত পুস্পাঞ্জলি অৰ্পণ কৰি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় |
বীৰ গৰাকীৰ পুণ্য তিথিৰ বিশেষ অনুস্থানত আদিবাসী উন্নয়ন পৰিষদৰ উপাধক্ষ্য সুভাষ তুৰ্কী, মানাহ বিধান সভাৰ বিধায়ক থানেশ্বৰ বসুমতাৰী, বৰপেটাৰোড সাহিত্য সভাৰ সভাপতি অৰূপ বায়ন, চিকিৎসক ডাঃ প্ৰদীপ ৰাজবংশী, সাংবাদিক নিলোৎপল ৰায় চৌধুৰীকে বহুসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকি দেশৰ স্বাধীনতা সংগ্ৰাম আৰু আদিবাসী সমাজৰ উত্থানৰ বাবে বীৰ বিৰছা মুণ্ডাই আগবঢ়াই যোৱা মহান ত্যাগ আৰু ঐতিহ্যৰ কথা স্মৰণ কৰে।
অনুস্থানত অংশ লৈ সদৌ মুণ্ডা সাহিত্য সভাৰ উপদেষ্টা মানছুক ছাংখাৰিয়াই মুণ্ডা সকলক জনজাতিকৰণৰ দাবী জনায় |
বীৰ গৰাকীৰ পূণ্য তিথিৰ অনুস্থানতে চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা অঞ্চলটোৰ মুণ্ডা সম্প্ৰদায়ৰ শতাধিক মেধাৱী ছাত্ৰ-ছাত্ৰীক অনুষ্ঠানত বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়।
ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যত শৈক্ষিক যাত্ৰাক উৎসাহিত আৰু অনুপ্ৰাণিত কৰাৰ উদ্দেশ্যে অল মুণ্ডা ৰিজিঅনেল কমিটীয়ে এই প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰে ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা