গুৱাহাটী মহানগৰীত ছাত্ৰ অপহৰণৰ অপচেষ্টা, এজনক আটক
গুৱাহাটী, ০৯ জুন(হি.স.)। গুৱাহাটী মহানগৰীৰ ডি এ ভি স্কুলৰ সমীপত আজি দিনদুপৰতে বিদ্যালয় ছুটিৰ পিছত এগৰাকী ছাত্ৰক অপহৰণৰ ব্যৰ্থ চেষ্টা চলাই এজন আটক হব লগীয়া হয়। চতুৰ্থ শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ জন আজি বিদ্যালয় ছুটিৰ পিছত ঘৰলৈ যাব বুলি বিদ্যালয়ৰ পৰা ওলাই
গুৱাহাটী মহানগৰীত ছাত্ৰ অপহৰণৰ অপচেষ্টা, এজনক আটক


গুৱাহাটী, ০৯ জুন(হি.স.)। গুৱাহাটী মহানগৰীৰ ডি এ ভি স্কুলৰ সমীপত আজি দিনদুপৰতে বিদ্যালয় ছুটিৰ পিছত এগৰাকী ছাত্ৰক অপহৰণৰ ব্যৰ্থ চেষ্টা চলাই এজন আটক হব লগীয়া হয়। চতুৰ্থ শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ জন আজি বিদ্যালয় ছুটিৰ পিছত ঘৰলৈ যাব বুলি বিদ্যালয়ৰ পৰা ওলাই অহাৰ পিছতে এগৰাকী অচিনাকী ব্যক্তি কনমানী ছাত্ৰ জনক চকলেট দিয়াৰ চলেৰে অপহৰণৰ চেষ্টা চলায়।

স্থানীয় একাংশ লোকে দুৰৰ পৰা ঘটনাটো প্ৰত্যক্ষ কৰি আছিল,ওচৰলৈ আহি অচিনাকী লোকজনক কিছু সোধাপোচা কৰাত তেও ঘটনাস্থলীৰ পৰা পলায়নৰ চেষ্টা চলায়।পিচত স্থানীয় লোক সকলে অপহৰণকাৰীক কৰায়ত্ব কৰি পল্টনবজাৰ আৰক্ষী থানাত গতাই দিয়ে।

হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ


 rajesh pande