চামগুৰিৰ গটঙাত তীব্ৰ বেগী বাহনে খুন্দা মাৰে বাসগৃহত
নগাঁও, ০৯ জুন (হি.স.)। চামগুৰিৰ গটঙাত সংঘটিত পথ দুৰ্ঘটনা। চামগুৰিৰ গটঙাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। এএছ ১২এজে ৭৫৯৭ নম্বৰৰ এখন চাৰিচকীয়া বাহনে নিয়ন্ত্ৰণ হেৰুৱাই ১২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা পথৰ কাষলৈ বাগৰি গৈ কলঙৰ পাৰৰ এটা বাসগৃহত প্ৰচণ্ড জ
চামগুৰিৰ গটঙাত তীব্ৰ বেগী বাহনে খুন্দা মাৰে বাসগৃহত


নগাঁও, ০৯ জুন (হি.স.)। চামগুৰিৰ গটঙাত সংঘটিত পথ দুৰ্ঘটনা। চামগুৰিৰ গটঙাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। এএছ ১২এজে ৭৫৯৭ নম্বৰৰ এখন চাৰিচকীয়া বাহনে নিয়ন্ত্ৰণ হেৰুৱাই ১২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা পথৰ কাষলৈ বাগৰি গৈ কলঙৰ পাৰৰ এটা বাসগৃহত প্ৰচণ্ড জোৰে খুন্দা মাৰে।

দুৰ্ঘটনাটোৰ ফলত ঘৰটোৰ কিছু ক্ষতিসাধন হৈছে যদিও সৌভাগ্যক্ৰমে বাহন খনত থকা যাত্ৰী সকলৰ লগতে ঘৰটোৰ ভিতৰত থকা কোনো লোক আহত হোৱা নাই। ঘটনাৰ খবৰ পোৱাৰ লগে লগে চামগুৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু দুৰ্ঘটনাগ্ৰস্ত বাহনখন উদ্ধাৰ কৰে। দুৰ্ঘটনাৰ সঠিক কাৰণ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande