
তিনিচুকীয়া, ০৯ জুন (হি.স.)। ডিগবৈত এক শোকাৱহ পথ দুৰ্ঘটনা সংগটিত হয়। এই দুৰ্ঘটনাত থিতাতে নিহত হয় দুই যুৱক।
এই ভয়ংকৰ শোকাৱহ পথ দুৰ্ঘটনা মঙ্গলবাৰে পুৱতি নিশা ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথত বগাপানী ডাঙৰীয়া স্থানৰ সমীপত সংঘটিত হয়। তিনিচুকীয়াৰ পৰা ডিগবৈ দিশে দ্ৰুত গতিত আহি থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই এজোপা প্ৰকাণ্ড গছত প্ৰচণ্ড খুন্দা মাৰে এ এছ ২২ বি ১৩৯০ নম্বৰৰ ৱেগনাৰ বাহনখনে।ফলত দুজন যুৱক ঘটনাস্থলীতে মৃত্যু হয়।
জানিব পৰা মতে থিতাতে নিহত দুজন ডিগবৈ আৰ এছ এৰিয়াৰ নিবাসী ইমৰান হুছেইনৰ পুত্ৰ ছাহিল হুছেইন আৰু মুলীয়াবাৰী এলেকাৰ নিবাসী ব্যৱসায়ী যতীন দত্তৰ জ্যেষ্ঠ পুত্ৰ ২৪ বছৰীয়া জ্যোতিষ্মান দত্ত বুলি আৰক্ষীয়ে চিনাক্ত কৰে।*
ঘটনাৰ খবৰ লাভ কৰি নিশাই আৰক্ষীৰ এটা দ'ল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।মৃতদেহ দুটা নিশা মাকুমৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ মৰ্গত ৰাখি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে।পথ দুৰ্ঘটনাত দুজনকৈ যুৱক আকস্মিক মৃত্যু হোৱাত ডিগবৈত শোকৰ ছাঁ পৰে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু