লণ্ডন অভিমুখে ৰাওনা শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ, সত্ৰীয়া সংস্কৃতিৰ বিশিষ্ট সাধক,কবি সাহিত্যিক ড০ পীতাম্বৰ দেৱ গোস্বামী
মাজুলী, ০৯ জুন (হি.স.)। আজি লণ্ডন অভিমুখে ৰাওনা শ্ৰী শ্ৰী আউনীআটীয় সত্ৰৰ সত্ৰাধিকাৰ, সত্ৰীয়া সংস্কৃতিৰ বিশিষ্ট সাধক,কৱি সাহিত্যিক ড০পীতাম্বৰ দেৱ গোস্বামী । ব্ৰিটিছ সাংসদত সত্ৰীয়া সংস্কৃতিৰ ওপৰত ভাষণ প্ৰদান কৰিব ড০পীতাম্বৰ দেৱ গোস্বামীয়ে । প্ৰ
লণ্ডন অভিমুখে ৰাওনা শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ, সত্ৰীয়া সংস্কৃতিৰ বিশিষ্ট সাধক,কবি সাহিত্যিক ড০ পীতাম্বৰ দেৱ গোস্বামী


মাজুলী, ০৯ জুন (হি.স.)। আজি লণ্ডন অভিমুখে ৰাওনা শ্ৰী শ্ৰী আউনীআটীয় সত্ৰৰ সত্ৰাধিকাৰ, সত্ৰীয়া সংস্কৃতিৰ বিশিষ্ট সাধক,কৱি সাহিত্যিক ড০পীতাম্বৰ দেৱ গোস্বামী । ব্ৰিটিছ সাংসদত সত্ৰীয়া সংস্কৃতিৰ ওপৰত ভাষণ প্ৰদান কৰিব ড০পীতাম্বৰ দেৱ গোস্বামীয়ে । প্ৰায় ২৫ মিনিট জোৰা ভাষণত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, শ্ৰীমন্ত মাধৱদেৱ, দামোদৰ দেৱৰ অনুপম সৃষ্টি ৰাজি সন্নিৱিষ্ট হ'ব ।

অহা ১৭ জুনত আছে সত্ৰাধিকাৰ গৰাকীৰ এই বিশেষ কাৰ্যসূচী । সত্ৰাধিকাৰ জনে লগত এখন গুৰু আসন, হেঙুল হাইতাল লগোৱা বিচনি ব্ৰিটিছ মিউজিয়ামত সংৰক্ষণৰ বাবে লৈ যাব । এইটো হৈছে সত্ৰাধিকাৰ জনৰ অষ্টমটো বিদেশ যাত্ৰা । ইয়াৰ পূৰ্বে তেওঁ আমেৰিকা, চিংগাপুৰ, চীন, ডুবাই,নেপাল আৰু লণ্ডনলৈ গৈছিল ।

সত্ৰাধিকাৰ জনৰ সৈতে সত্ৰৰ ডেকা সত্ৰাধিকাৰ শ্ৰী শ্ৰী দেৱানন্দ দেৱ গোস্বামীও লণ্ডন অভিমুখে ৰাওনা হ'ব ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande