গুজৰাটৰ পৰা মহাৰাষ্ট্ৰ অভিমুখী পৰিয়ালৰ বাহনৰ আন বাহনৰ সৈতে সংঘৰ্ষত ৬ জনৰ মৃত্যু
ব্যাৰা, ০৯ জুন (হি.স.)। মহাৰাষ্ট্ৰৰ জলগাঁও জিলাৰ অমলনেৰ-ধুলে পথত মঙলবাৰে গুজৰাটৰ ব্যাৰাৰ পৰা আহি থকা এটা পৰিয়ালৰ বাহনখনে আন এখন বাহনৰ সৈতে সংঘৰ্ষত লিপ্ত হয়। গাড়ীখনত থকা চাৰিজনকে ধৰি ছয়জন লোক নিহত হোৱাৰ লগতে কেইবাজনো আহত হয়। আহতসকলক অমলনেৰৰ সমী
accident


ব্যাৰা, ০৯ জুন (হি.স.)। মহাৰাষ্ট্ৰৰ জলগাঁও জিলাৰ অমলনেৰ-ধুলে পথত মঙলবাৰে গুজৰাটৰ ব্যাৰাৰ পৰা আহি থকা এটা পৰিয়ালৰ বাহনখনে আন এখন বাহনৰ সৈতে সংঘৰ্ষত লিপ্ত হয়। গাড়ীখনত থকা চাৰিজনকে ধৰি ছয়জন লোক নিহত হোৱাৰ লগতে কেইবাজনো আহত হয়। আহতসকলক অমলনেৰৰ সমীপৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

জলগাঁও জিলাৰ অমলনেৰ-ধুলে পথৰ হোটেল বৃন্দাবন আৰু মংগৰুল গাঁৱৰ সমীপত এখন গাড়ী, এছ টি বাছ আৰু মটৰ চাইকেলৰ মাজত ভয়ংকৰ সংঘৰ্ষত সংঘটিত হয় এই দুৰ্ঘটনা। গুজৰাটৰ পৰা অহা এটা পৰিয়ালৰ চাৰিজন সদস্যকে ধৰি ছয়জন লোকৰ থিতাতে মৃত্যু হয়। মহাৰাষ্ট্ৰৰ মংগৰুল গাঁৱৰ সমীপত জোৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গাড়ীৰে যাত্ৰা কৰিছিল পৰিয়ালটো।

জানিব পৰামতে এছ টি বাছ আৰু এখন মটৰ চাইকেল খন অমলনেৰৰ পৰা ধুলেলৈ গৈ আছিল। ইফালে ধূলেৰ পৰা আহি থকা এখন তীব্ৰবেগী গাড়ীয়ে নিয়ন্ত্ৰণ হেৰুৱাই পোনে পোনে এছ টি বাছ আৰু বাইকখনৰ সৈতে খুন্দা মাৰে। ইয়াৰ প্ৰভাৱ ইমানেই ভয়াৱহ হৈ পৰে যে গাড়ী আৰু বাইক সম্পূৰ্ণৰূপে ধ্বংস হয়। দুৰ্ঘটনাটোত বাইক আৰোহী ধৰনগাঁৱৰ দুগৰাকী লোকৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে গাড়ীৰ যাত্ৰী নন্দলাল গোপাল মহাজন, সুৰেশ বিক্ৰম মহাজন, অনিতা সুৰেশ মহাজন আৰু নিৰ্মলা নন্দলাল মহাজনকে ধৰি আটাইকেইজনৰ থিতাতে মৃত্যু হয়।

জানিব পৰা মতে, অমলনেৰৰ মংগৰুল গাঁৱৰ সমীপত অনুষ্ঠিত হোৱা জোৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ ব্যাৰাৰ পৰা গুজৰাটী পৰিয়ালটো আহিছিল।

দুৰ্ঘটনাটোৰ তথ্য লাভ কৰাৰ লগে লগে স্থানীয় বাসিন্দা আৰু আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। দুৰ্ঘটনাৰ পিছত গাড়ীৰ ধ্বংসাৱশেষত আবদ্ধ হৈ পৰা এটা নিৰীহ শিশুক নিৰাপদে উদ্ধাৰ কৰা হয়। এছ টি বাছখনৰ যাত্ৰী দীপক দিলীপ পাটিল গুৰুতৰভাৱে আহত হোৱাত লগে লগে এম্বুলেন্সেৰে ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

আৰক্ষীয়ে আটাইকেইটা মৃতদেহ নিজৰ জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি বিষয়টোৰ অধিক তদন্ত আৰম্ভ কৰিছে। এই হৃদয়বিদাৰক দুৰ্ঘটনাটোৱে মৃতকৰ পৰিয়ালৰ মাজেৰে শোকৰ পৰিৱেশ সৃষ্টি কৰিছে।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande