বৰপেটাৰোডত ১২৬ সংখ্যক বীৰ বীৰচা মুণ্ডা দিৱস উদযাপন: কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা
বৰপেটা, ০৯ জুন (হি.স.)। বৰপেটাৰোডত ১২৬ সংখ্যক বীৰ বীৰচা মুণ্ডা দিৱস উদযাপন: কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা। বৰপেটাৰোড সাহিত্য সভা ভৱনত আজি সদৌ বিটিচি মুণ্ডা সাহিত্য সভাৰ উদ্যোগত অতি গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত মহান স্বাধীনতা সংগ্ৰামী, জনজাতীয় নায়ক বীৰ ব
বৰপেটাৰোডত ১২৬ সংখ্যক বীৰ বীৰচা মুণ্ডা দিৱস উদযাপন: কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা


বৰপেটা, ০৯ জুন (হি.স.)। বৰপেটাৰোডত ১২৬ সংখ্যক বীৰ বীৰচা মুণ্ডা দিৱস উদযাপন: কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা।

বৰপেটাৰোড সাহিত্য সভা ভৱনত আজি সদৌ বিটিচি মুণ্ডা সাহিত্য সভাৰ উদ্যোগত অতি গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত মহান স্বাধীনতা সংগ্ৰামী, জনজাতীয় নায়ক বীৰ বীৰচা মুণ্ডাৰ ১২৬ সংখ্যক শ্বহীদ দিৱস উদযাপন কৰা হয়।

উলহ-মালহেৰে আয়োজিত এই বিশেষ কাৰ্যসূচীত অঞ্চলটোৰ বহু গণ্য-মান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে।বীৰচা মুণ্ডাৰ জয়গাথাৰে বিধায়ক থানেশ্বৰ বসুমতাৰীয়ে সুন্দৰ ভাষণ দাঙি ধৰে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মানস সমষ্টিৰ বিধায়ক থানেশ্বৰ বসুমতাৰী। নিজৰ ভাষণত বিধায়কগৰাকীয়ে দেশৰ স্বাধীনতা সংগ্ৰাম আৰু জল-জংঘল-জমিনৰ অধিকাৰ ৰক্ষাৰ বাবে বীৰ বীৰচা মুণ্ডাই কৰা ত্যাগ আৰু সংগ্ৰামৰ কথা সুন্দৰভাৱে দাঙি ধৰে। তেওঁ কয় যে বীৰচা মুণ্ডাৰ আদৰ্শ আৰু বীৰত্বৰ কাহিনীয়ে আজিও আমাক সমাজ তথা দেশৰ বাবে কাম কৰিবলৈ অনুপ্ৰাণিত কৰে।কৃতি ছাত্ৰ-ছাত্ৰীক বিশেষ সম্বৰ্ধনাআজিৰ এই পবিত্ৰ দিনটোৰ সৈতে সংগতি ৰাখি এক বিশেষ সম্বৰ্ধনা অনুষ্ঠানৰো আয়োজন কৰা হয়। এইবাৰৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হোৱা অঞ্চলটোৰ মুণ্ডা সম্প্ৰদায়ৰ ছাত্ৰ-ছাত্ৰীসকলক সভাখনত উষ্ম আদৰণি আৰু সম্বৰ্ধনা জনোৱা হয়।ছাত্ৰ-ছাত্ৰীসকলৰ এই সফলতাই সমগ্ৰ সমাজখনলৈ গৌৰৱ কঢ়িয়াই আনিছে আৰু আগন্তুক দিনত তেওঁলোকে উচ্চ শিক্ষাৰে সমাজখনক অধিক আগুৱাই লৈ যাব বুলি আশা কৰা হৈছে।সভাখনত উপস্থিত থকা অন্যান্য বক্তাসকলেও ছাত্ৰ-ছাত্ৰীসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰাৰ লগতে বীৰ বীৰচা মুণ্ডাৰ চৰণত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande