
গুৱাহাটী, ০৯ জুন (হি.স.)। উত্তৰ -পূব ভাৰতৰ আগশাৰীৰ সাংস্কৃতিক অনুষ্ঠান তথা বিশ্ব সংবাদ কেন্দ্ৰ ,অসমৰ সহযোগী অনুষ্ঠান চলচ্চিত্ৰমে্ আয়োজন কৰি অহা চলচ্চিত্ৰম্ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ এই বেলি অহা ২৪ আৰু ২৫ অক্টোবৰত দুদিনীয়াকৈ অনুষ্ঠিত হ’ব৷ গুৱাহাটীৰ কাহিলিপাৰাৰ জ্যোতি চিত্ৰবনত এই ছবি মহোৎসৱ অনুষ্ঠিত হ'ৱ বুলি চলচ্চিত্ৰম্ ৰ সভাপতি নৱ ঠাকুৰীয়া আৰু সম্পাদক ভগবত প্ৰীতমে আজি এক প্ৰেছ বিজ্ঞপ্তিযোগে জানিবলৈ দিছে ৷ উল্লেখ্য, ২০১৭ চনৰ পৰা প্ৰতিবছৰে চলচ্ছিত্ৰমে্ ৰাষ্ট্ৰীয় চুটি ছবি মহোৎসৱ অনুষ্ঠিত কৰি আহিছে ৷
প্ৰতিবছৰে কৰি অহাৰ দৰে এইবছৰো এক মিনিটৰ পৰা ২৫ মিনিট দৈৰ্ঘৰ চুটি ছবিৰ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷ এই প্ৰতিযোগিতাৰ মূল বিষয় ‘আমাৰ ঐতিহ্য আমাৰ গৌৰৱ’ৰ ৷ বিশ্ব সংবাদ কেন্দ্ৰ অসমৰ সহযোগী অনুষ্ঠান চলিচিত্ৰম্ (www.chalachitram.in) ৰ উদ্যোগত অনুষ্ঠিত এই ৰাষ্ট্ৰীয় ছবি মহোৎসৱ প্ৰতিযোগিতাত উত্তৰ-পূবৰ চলচ্চিত্ৰ নিৰ্মাতাসকলৰ মাজত সীমাবদ্ধ থাকিব । ভাৰতীয় ঐতিহ্য, খিলঞ্জীয়া সমাজ, স্বাধীনতা আন্দোলনৰ নায়ক, মহাকাব্য আৰু পৌৰাণিক কাহিনী, জাতীয় সংহতি , কলা আৰু সংস্কৃতি, পাণ্ডুলিপি , চিত্ৰকলা, সংগ্ৰহালয়, সংগীতজ্ঞ, লেখক, খিলঞ্জীয়া উৎসৱ, জাতি-জনগোষ্ঠী, কীৰ্তিচিহ্ন আৰু ঐতিহ্য ক্ষেত্ৰ, সমাজ সংস্কাৰ, পৰম্পৰাগত ক্ৰীড়া, মহিলা সবলীকৰণ, পৰম্পৰা আৰু পাৰিবাৰিক মূল্যবোধ, যোগ আৰু আয়ুৰ্বেদ, সাংস্কৃতিক জাতীয়তাবাদ, চাহ আৰু তেল, পৰিৱেশ, কৃষি, শিক্ষা, মানৱ অধিকাৰ, উত্তৰ-পূব ভাৰতৰ পৰ্যটনৰ সম্ভাৱনা আদি বিষয়ক ছবি গ্ৰহণ কৰা হ’ব।
তদুপৰি, ভাৰতীয় কলা-সংস্কৃতি, পৰম্পৰা, নাৰী, দেশপ্ৰেম, ডিজিটেল পৃথিবী, উন্নয়ন, পৰিবেশ, মানুহ আৰু প্ৰকৃতি আৰু ভাৰতীয় পৰিয়াল বিষয়ক চুটি কাহিনী ছবি, তথ্যচিত্ৰ আৰু এনিমচেন ছবিয়ে প্ৰতিযোগিতাত অংশ গ্ৰহন কৰাৰ লগতে মহোৎসৱৰ আদৰ্শৰ লগত মিল থকা চুটি আৰু পূৰ্ণ দৈৰ্ঘৰ ছবিও প্ৰদৰ্শনৰ বাবে প্ৰেৰণ কৰাৰ ব্যবস্থা থকাৰ কথা আয়োজক সকলে জানিবলৈ দিয়ে৷ প্ৰতিযোগিতাৰ সকলো তথ্যৰ বাবে চলচ্ছিত্ৰমৰ ৱেবচাইট ‘চলচ্ছিত্ৰম ডট ইন’ত চাব পাৰিব৷ উক্ত প্ৰতিযোগিতাত অংশগ্রহণ কৰাৰ বাবে চলচ্চিত্রমে্ কেতবোৰ নিয়মাৱলী সন্নিবিষ্ট কৰিছে। সেই অনুযায়ী ২০২৫ বৰ্ষৰ ১ ছেপ্টেম্বৰৰ পৰা ২০২৬ বৰ্ষৰ ১ ছেপ্টেম্বৰৰ ভিতৰত নিৰ্মিত ছবিয়ে এই মহোৎসৱত অংশগ্ৰহন কৰিব পাৰিব৷ ১০ জুনৰ পৰা ৩০ জুনৰ ভিতৰত মাছুলবিহীনভাৱে , ১ জুলাইৰ পৰা ১৯ জুলাইলৈকে (৫০০ টকা মাচুলৰে) আৰু ২০ জুলাইৰ পৰা ২ ছেপ্টেম্বৰৰ ভিতৰত (মাচুল ১০০০ টকা) জমা দিব পাৰিব৷ ইফালে চলচ্চিত্ৰম্ ৰ বাবে জ্যেষ্ঠ সাংবাদিক নৱ ঠাকুৰীয়াক সভাপতি, অভিনেতা-পৰিচালক ভগৱত প্ৰীতমক সম্পাদক হিচাপে লৈ এখন পূৰ্ণাংগ সমিতি গঠন কৰাৰ প্ৰকাশ কৰিছে বিশ্ব সংবাদ কেন্দ্ৰ, অসমৰ সম্পাদক কিশোৰ শিৱমে ।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী