জুবিন হত্যাকাণ্ডৰ চাৰিজন অভিযুক্তৰ জামিন আবেদন নাকচ
গুৱাহাটী, ০৮ জুন (হি.স.)। বহু চৰ্চিত জুবিন হত্যাকাণ্ডৰ চাৰিজন অভিযুক্ত অমৃতপ্ৰভা মহন্ত, সন্দিপন গাৰ্গ, নন্দেশ্বৰ বৰা, পৰেশ বৈশ্যৰ জামিন আবেদন সোমবাৰে নাকচ কৰে বিশেষ ফাষ্ট ট্ৰেক আদালতে। বিশেষ ফাষ্ট ট্ৰেক আদালতত আজিৰ পৰা আৰম্ভ হৈছে জুবিন হত্যাকাণ্ডৰ
जुबीन


জুবিন গাৰ্গ


গুৱাহাটী, ০৮ জুন (হি.স.)। বহু চৰ্চিত জুবিন হত্যাকাণ্ডৰ চাৰিজন অভিযুক্ত অমৃতপ্ৰভা মহন্ত, সন্দিপন গাৰ্গ, নন্দেশ্বৰ বৰা, পৰেশ বৈশ্যৰ জামিন আবেদন সোমবাৰে নাকচ কৰে বিশেষ ফাষ্ট ট্ৰেক আদালতে।

বিশেষ ফাষ্ট ট্ৰেক আদালতত আজিৰ পৰা আৰম্ভ হৈছে জুবিন হত্যাকাণ্ডৰ বিচাৰ। গোচৰৰ প্ৰথম দিনাই আদালতে চাৰিওজন অভিযুক্তৰ জামিন আবেদন শুনানি গ্ৰহণ কৰি নাকচ কৰে।

এই গোচৰত ইয়াক এক উল্লেখযোগ্য ন্যায়িক পদক্ষেপ হিচাপে বিবেচিত হৈছে। আজিৰ পৰা আৰম্ভ হৈছে সাক্ষ্য। অনাগত দিনত আদালতে সাক্ষীৰ বক্তব্য আৰু অন্যান্য প্ৰমাণ পৰীক্ষা কৰিব, যাৰ ভিত্তিত বিচাৰ চলিব।

ভুক্তভোগী পক্ষৰ হৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে কয় যে তেওঁৰ ন্যায়পালিকাৰ প্ৰতি সম্পূৰ্ণ বিশ্বাস আছে। আইনৰ অধীনত অপৰাধী সকলে সম্ভৱপৰ কঠোৰতম শাস্তি লাভ কৰিব আৰু ভুক্তভোগীৰ পৰিয়ালে ন্যায় লাভ কৰিব বুলি আশা প্ৰকাশ কৰে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande