প্ৰধানমন্ত্ৰী মোদীৰ বিশাখাপট্টনম ষ্টীল প্লাণ্টৰ দুৰ্ঘটনাক লৈ শোক প্ৰকাশ, মৃতকৰ পৰিয়াললৈ ২ লাখ ₹ৰ সাহায্যৰ ঘোষণা
নতুন দিল্লী, ০৮ জুন (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশাখাপট্টনম ষ্টীল প্লাণ্টত সংঘটিত হোৱা দুৰ্ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰে । দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য লাভৰ বাবে প্ৰাৰ্থনা জনায় ।
प्रधानमंत्री नरेन्द्र मोदी (फाइल फोटो)

নতুন দিল্লী, ০৮ জুন (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশাখাপট্টনম ষ্টীল প্লাণ্টত সংঘটিত হোৱা দুৰ্ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰে । দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য লাভৰ বাবে প্ৰাৰ্থনা জনায় ।

সোমবাৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত প্ৰকাশ কৰা এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয় যে বিশাখাপট্টনম তীখা উদ্যোগত সংঘটিত হোৱা দুৰ্ঘটনাটোত তেওঁ মৰ্মাহত হৈ পৰিছে। দুৰ্ঘটনাত আপোনজনক হেৰুৱাই পেলোৱা পৰিয়ালক গভীৰ শোক প্ৰকাশ কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য লাভৰ বাবে প্ৰাৰ্থনা জনায়।

মোদীয়ে কয় যে স্থানীয় প্ৰশাসনে ক্ষতিগ্ৰস্ত লোকসকলক সকলো ধৰণৰ সহায় আগবঢ়াইছে।

প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজি (পিএমএনআৰএফ)ৰ পৰা মৃতকৰ ওচৰৰ আত্মীয়ক ২ লাখ টকাকৈ এক্স গ্ৰেচিয়া ঘোষণা কৰে। ইয়াৰ উপৰিও দুৰ্ঘটনাত আহতসকলক ৫০ হাজাৰ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব।

প্ৰধানমন্ত্ৰীয়ে কয় যে কেন্দ্রীয় আৰু স্থানীয় প্রশাসনে ক্ষতিগ্রস্ত পৰিয়ালক সহায়ৰ বাবে যৎপৰোনাস্তি চেষ্টা চলাইছে ৷

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া

 rajesh pande