
–
লিচুৰ জৰিয়তে এক অৰ্থনৈতিক আন্দোলনৰ পথ প্ৰশস্ত হ'ল তেজপুৰৰ পৰা --অসম গৌৰৱ মনোজ বসুমতাৰী
–বাণ থিয়েটাৰৰ লক্ষ্মীৰাম বৰুৱা সংগীত মহাবিদ্যালয়ৰ শিক্ষাৰ্থীয়ে নান্দনিক পৰিৱেশত শ্ৰদ্ধাঞ্জলি জনালে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক
শোণিতপুৰ, ০৮ জুন (হি.স.)।
অভূতপূৰ্ব জনসমাগমৰ মাজত দুদিনীয়া কাৰ্যসূচীৰে তেজপুৰত অনুষ্ঠিত হোৱা দ্বিতীয় বাৰ্ষিক তেজপুৰ লিচু উৎসৱ-২৬ কালি নিশা আকৰ্ষণীয় আৰু দৃষ্টিনন্দন গীত -নৃত্যৰ সাংস্কৃতিক অনুষ্ঠানেৰে সামৰণি পৰে । মূলতঃ তেজপুৰৰ বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীৰ সাংস্কৃতিক অনুষ্ঠানেৰে জীপাল হোৱা আৰু অসম গৌৰৱ তথা পিগমেন মনোজ বসুমতাৰীয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰি এই লিচু উৎসৱে লিচু খেতিয়ক সকলক উদ্বুদ্ধ কৰাই লিচু উৎপাদনৰ সৈতে এক অৰ্থনৈতিক আন্দোলন গঢ়ি তোলাৰ পথ প্ৰশস্ত হৈ উঠিব বুলি মন্তব্য কৰি শোণিতপুৰ জিলা প্ৰশাসনৰ লগতে উদ্যোক্তা সকলৰ এই প্ৰয়াসৰ শলাগ লয় ।
উল্লেখ্য যে কালি দ্বিতীয় নিশাৰ সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হয় তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ লক্ষ্মীৰাম বৰুৱা সংগীত মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ সমবেত সংগীতৰ এক বিশেষ অনুষ্ঠানেৰে । বাণ থিয়েটাৰৰ লক্ষ্মীৰাম বৰুৱা সংগীত মহাবিদ্যালয়ৰ কন্ঠ সংগীত বিভাগৰ শিক্ষক তথা তেজপুৰৰ জনপ্ৰিয় সংগীতশিল্পী মনোজ নাথ পৰিচালিত সমবেত সংগীতৰ এই বিশেষ অনুষ্ঠানত একেলগে নৃত্য, যোগ ক্রীড়া আৰু জুবিন গাৰ্গলৈ মায়াবিনী গীতেৰে বিশেষভাৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।
জিলা আয়ুক্ত তথা উদযাপন সমিতিৰ সভাপতি আনন্দ কুমাৰ দাস, এছ এছ বিৰ তেজপুৰ ফ্ৰন্টিয়াৰৰ মহা পৰিদৰ্শক, জিলা প্ৰশাসনৰ বিষয়া -কৰ্মচাৰীৰ লগতে তেজপুৰৰ বিশিষ্ট ব্যক্তি সকলৰ উপস্থিতিত উদযাপন সমিতিৰ সাধাৰণ সম্পাদক পংকজ বৰুৱাই আঁত ধৰা অনুষ্ঠানটিত সংগীতশিল্পী ৰঞ্জু বৰা, হিৰণ্য শইকীয়া আৰু পংকজ কুমাৰ নাথ পৰিচালিত তেজপুৰৰ কেবাখনো শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীৰ অৰ্কেষ্ট্ৰাৰ অনুষ্ঠান, আৰ্মি পাব্লিক স্কুলৰ শিক্ষাৰ্থীৰ সুৰ সমলয়ৰ লগতে দৰং মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাংস্কৃতিক সম্পাদক তথা লোকশিল্পী প্ৰান্তিক কৃষ্ণণ দাস পৰিচালিত দৰং মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ গীত -মাতেৰে আকৰ্ষণীয় লোকবাদ্য অনুষ্ঠানৰ উপৰি তেজপুৰ ছেইণ্ট যোচেফ কনভেন্ট বিদ্যালয়ৰ শিক্ষয়ত্ৰী মুনমী বৈশ্য পৰিচালিত ইউনিটি ইজ হেপিনেছ শীৰ্ষক দলীয় নৃত্য, আৰ্মি পাব্লিক স্কুলৰ শিক্ষাৰ্থীৰ ইৰাণী মহন্ত পৰিচালিত আকৰ্ষণীয় দলীয় শাস্ত্ৰীয় নৃত্য, ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ ডিপ্লমাধাৰী তেজপুৰৰ দক্ষ নাট্যশিল্পী শোণিত জ্যোতি শইকীয়া পৰিচালিত দলীয় মুকাভিনয়েৰে জীপাল হৈ পৰে ।
আনহাতে অনুষ্ঠানটিত তেজপুৰ বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ঠ গায়িকাৰ সন্মান অৰ্জন কৰা তেজপুৰৰ জনপ্ৰিয় কন্ঠশিল্পী কৃষ্টিনা কাশ্যপ আৰু দৰংমহাবিদ্যালয়ৰ শ্ৰেষ্ঠ গায়িকাৰ সন্মান অৰ্জন কৰা শতাব্দী সুনয়নাৰ গীতেৰে মুখৰিত হৈ পৰে ।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ