
শোণিতপুৰ, ০৮ জুন (হি.স.)। শাৰীৰিক বাধাগ্ৰস্ততাৰ মাজতো প্ৰবল মানসিক শক্তিৰে জীৱন সংগ্ৰামত প্ৰতিটো পল অতিবাহিত কৰি শেহতীয়াকৈ প্ৰায় দুটাকৈ বছৰ শেতেলীতে জীৱন পাৰ কৰা তেজপুৰৰ নিকটৱৰ্তী নিজ হলেশ্বৰ নিবাসী জনপ্ৰিয় দিব্যাংগ কন্ঠশিল্পী স্বৰ্ণালী দেৱীয়ে আজি দুপৰীয়া প্ৰায় ১২ বজাত নিষ্ঠুৰ নিয়তিৰ ওচৰত হাৰ মানিব লগা হ'ল । উত্তৰ অসম দিব্যাংগ সন্থাৰ সাংস্কৃতিক সম্পাদিকাৰ দায়িত্বত থকা অতি সুললিত কন্ঠৰ অধিকাৰী স্বৰ্ণালীয়ে উত্তৰ অসম দিব্যাংগ সন্হাৰ জৰিয়তে তেজপুৰ ,শোণিতপুৰৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সাংস্কৃতিক অনুষ্ঠানত গীত পৰিবেশন কৰি দৰ্শকৰ হৃদয় জিনিবলৈ সক্ষম হৈছিল ।
উল্লেখ্য যে শাস্ত্ৰীয় সংগীতত বিশেষ দক্ষতা থকা স্বৰ্ণালীৰ প্ৰায় দুবছৰ পূৰ্বে জাপানীজ এন কে ফেলাইটিছ ৰোগত আক্ৰান্ত হোৱাৰ পিছত আৰ্থিকভাৱে পিছপৰা পৰিয়ালটিয়ে চিকিৎসা কৰি কোনোমতে সুস্থ কৰি তুলিছিল যদিও সেই ৰোগৰ পৰা সম্পূৰ্ণ আৰোগ্য কৰিবলৈ যথেষ্ট ব্যয় সাপেক্ষ উন্নত চিকিৎসাৰ প্ৰয়োজন আছিল যদিও একমাত্ৰ মাতৃকে সাৰথি কৰি জীৱন -মৃত্যুৰে যুঁজি থকা স্বৰ্ণালীয়ে আজি শেষ নিশ্বাস ত্যাগ কৰাত তেজপুৰৰ লগতে সমগ্ৰ জিলাখনতে শোকৰ ছাঁ পৰিছে । উল্লেখ্য যে দিব্যাংগ হৈও বাসগৃহতে এখন সংগীত শিক্ষাৰ অনুষ্ঠান গঢ়ি তুলি নিজৰ লগতে পৰিয়ালটিৰ আৰ্থিক স্বাৱলম্বীতাৰ পথ প্ৰশস্ত কৰি অহা স্বৰ্ণালী নৰিয়া পাটীত পৰাৰ বিগত প্ৰায় দুবছৰতকৈও অধিক সময় পৰিয়ালটি চৰম আৰ্থিক সংকটত পৰাৰ পিছত উত্তৰ অসম দিব্যাংগ সন্থাই বাৰম্বাৰ চৰকাৰ -প্ৰশাসনলৈ স্বৰ্ণালীৰ উন্নত চিকিৎসাৰ বাবে অনুৰোধ জনাই আহিছিল যদিও স্বৰ্ণালীয়ে মাত্ৰ শোণিতপুৰ জিলা আয়ুক্ত আনন্দ কুমাৰ দাসৰ পৰাহে কিঞ্চিৎ আৰ্থিক সকাহ লাভ কৰিছিল যদিও চৰকাৰীভাৱে কোনো সাহাৰ্য্য লাভ কৰিবলৈ সক্ষম হোৱা নাছিল ।
স্বৰ্ণালীৰ আজিৰ মৃত্যুৰ বতৰা পোৱাৰ পিছতেই উত্তৰ অসম দিব্যাংগ সন্হাৰ সকলো বিষয়ববীয়া আৰু সদস্য শোকত ম্ৰিয়মান হৈ পৰিছে । উত্তৰ অসম দিব্যাংগ সন্থাৰ প্ৰধান সম্পাদক মৃদুল কুমাৰ বৰাই স্বৰ্ণালীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি মাতৃলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে কুকিল কণ্ঠী স্বৰ্ণালীৰ দেহাৱসানত তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, শোণিতপুৰ জিলাৰ জিলা আয়ুক্ত আনন্দ কুমাৰ দাস, শোণিতপুৰ শিল্পী সমাজ, বাণ থিয়েটাৰ ,তেজপুৰ সাহিত্য সভা, সাংস্কৃতিক অনুষ্ঠান চাতকৰ লগতে শোণিতপুৰ প্ৰেছ ক্লাব, তেজপুৰৰ কাৰ্যকৰী সভাপতি পংকজ বৰুৱা, শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ সভাপতি সঞ্জীৱ হাজৰিকা, সাংবাদিক সন্থা জাফাৰ শোণিতপুৰ জিলা সমিতিৰ সম্পাদক হেমন্ত কুমাৰ নাথ আদিয়ে গভীৰ শোক প্ৰকাশ কৰিছে ।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ