
নতুন দিল্লী, ০৮ জুন (হি.স.)। ‘ভাৰত ঔদ্যোগিক উন্নয়ন আঁচনি’ মুকলি কৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে সোমবাৰে নতুন দিল্লীত কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে ‘ভৱ্য’ পৰ্টেল উন্মোচন কৰে। তেওঁ উল্লেখ কৰে যে ৰাজ্যসমূহৰ ঔদ্যোগিক উদ্যানসমূহৰ প্ৰতিযোগিতামূলক উন্নয়নৰ বাবে এই আঁচনিখন আৰম্ভ কৰা হৈছে।
ভাষণত গোৱেলে কয় যে চৰকাৰে আন্তঃগাঁথনি উন্নয়ন আৰু ডিজিটেল সংযোগ বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰি এক শক্তিশালী ভেটি স্থাপন কৰিছে। তেওঁ কয় যে এই আঁচনিখনৰ প্ৰধান উদ্দেশ্য হৈছে সমগ্ৰ দেশতে ১০০খন বিশ্বমানৰ, বিনিয়োগৰ বাবে সাজু ঔদ্যোগিক উদ্যান গঢ়ি তোলা। তেওঁ কয় যে ‘ভাৰত ঔদ্যোগিক উন্নয়ন আঁচনি’ৰ অধীনত মেগা পাৰ্কসমূহত ষ্টাৰ্ট-আপ, ডিপ-টেক, গৱেষণা আৰু উন্নয়ন, আৰু উদ্ভাৱন ভিত্তিক উদ্যোগৰ বাবে নিৰ্দিষ্ট স্থান অন্তৰ্ভুক্ত কৰা হ’ব।
গোৱেলে কয় যে বিআইএছ, ইআইএ আৰু এফএছএছএআইৰ সহযোগত মেগা পাৰ্কসমূহত আধুনিক পৰীক্ষণৰ সুবিধা গঢ়ি তোলা হ’ব। তেওঁ কয় যে এন আই চি ডি চিয়ে এক নিৰ্দিষ্ট ডিজিটেল প্লেটফৰ্মৰ জৰিয়তে এই বৃহৎ আঁচনিখনৰ ৰূপায়ণ আৰু নিৰীক্ষণৰ নেতৃত্ব দিব।
কেন্দ্ৰীয় কেবিনেটে ৩৩,৬৬০ কোটি টকাৰ বাজেটেৰে অনুমোদন জনোৱা ‘ভৱ্য’ হৈছে ছবছৰৰ ভিতৰত ১০০খন বিশ্বমানৰ বিনিয়োগ সাজু ঔদ্যোগিক উদ্যান গঢ়ি তোলাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰৰ এক ফ্লেগশ্বিপ কাৰ্যসূচী।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া