
নতুন দিল্লী, ০৮ জুন (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফিলিপাইনছৰ মিন্দানাও অঞ্চলত হোৱা ভূমিকম্পৰ ফলত প্ৰাণ হেৰুওৱাৰ লগতে ব্যাপক ক্ষয়-ক্ষতিৰ বাবে গভীৰ শোক প্ৰকাশ কৰে। তেওঁ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য লাভৰ বাবে প্ৰাৰ্থনা জনায়।
সোমবাৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত প্ৰেৰণ কৰা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয় যে মিন্দানাওত হোৱা ভূমিকম্পৰ ফলত প্ৰাণ হেৰুৱা আৰু ধ্বংসলীলাৰ খবৰ পাই তেওঁ গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁ মৃতকৰ পৰিয়াললৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য লাভৰ বাবে প্ৰাৰ্থনা জনায়।
মোদীয়ে কয় যে এই কঠিন সময়ত ভাৰতে ফিলিপাইনছৰ জনসাধাৰণ আৰু চৰকাৰৰ সৈতে সংহতিৰে থিয় দিছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া