বিশাখাপট্টনম তীখা উদ্যোগৰ দুৰ্ঘটনাত নিহত ৮ জন শ্ৰমিক, আহত কেইবাজনো শ্ৰমিক
হায়দৰাবাদ, ০৮ জুন (হি.স.)। অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমৰ তীখা প্লাণ্টত সোমবাৰে সংঘটিত হোৱা ভয়ংকৰ দুৰ্ঘটনাত এতিয়ালৈকে ৮ জন শ্ৰমিকৰ মৃত্যু হোৱাৰ বিপৰীতে কেইবাজনো শ্ৰমিক আহত হোৱাৰ খবৰ পোৱা গৈছে। এই দুৰ্ঘটনাটোৱে সমগ্ৰ উদ্যোগ চৌহদত আতংকৰ সৃষ্টি কৰে, শ
स्टील के रिसाव से आग लगी, बचाव कार्य जारी


विशाखा स्टील में भीषण आग


হায়দৰাবাদ, ০৮ জুন (হি.স.)। অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমৰ তীখা প্লাণ্টত সোমবাৰে সংঘটিত হোৱা ভয়ংকৰ দুৰ্ঘটনাত এতিয়ালৈকে ৮ জন শ্ৰমিকৰ মৃত্যু হোৱাৰ বিপৰীতে কেইবাজনো শ্ৰমিক আহত হোৱাৰ খবৰ পোৱা গৈছে। এই দুৰ্ঘটনাটোৱে সমগ্ৰ উদ্যোগ চৌহদত আতংকৰ সৃষ্টি কৰে, শ্ৰমিকসকলে নিৰাপত্তাৰ বাবে পলায়ন কৰে।

খবৰ অনুসৰি প্লাণ্টটোৰ এছএমএছ-২ ইউনিটত গৰম ধাতুৰ বাল্টি (লেডল) সৰি পৰাত গলিত তীখা লিক হোৱাত সংঘটিত হয় এই দুৰ্ঘটনা। ইয়াৰ ফলত ব্যাপক অগ্নিকাণ্ড সংঘটিত হয় আৰু কেইবাজনো শ্ৰমিকক আগুৰি ধৰে।

প্ৰাথমিক প্ৰতিবেদন অনুসৰি কেইবাজনো শ্ৰমিক গুৰুতৰভাৱে জুইত পোৰাৰ বিপৰীতে কিছুমান শ্ৰমিক ইউনিটৰ ভিতৰত আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে। অৱশ্যে আহত আৰু আৱদ্ধ শ্ৰমিকৰ সঠিক সংখ্যা এতিয়াও আনুষ্ঠানিকভাৱে নিশ্চিত হোৱা নাই।

ঘটনাৰ তথ্য লাভ কৰাৰ লগে লগে অগ্নিনিৰ্বাপক আৰু জৰুৰীকালীন সেৱাই ঘটনাস্থলীত উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰি সাহায্য আৰু উদ্ধাৰ অভিযান চলাবলৈ আৰম্ভ কৰে। আহতসকলক ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে, য’ত তেওঁলোকে চিকিৎসা গ্ৰহণ কৰি আছে।

ইফালে অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে এই দুৰ্ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰাৰ লগতে মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। তেওঁ বিষয়াসকলক সাহায্য আৰু উদ্ধাৰ অভিযান ক্ষিপ্ৰ কৰাৰ লগতে আহতসকলক পৰ্যাপ্ত চিকিৎসা সেৱা আগবঢ়াবলৈ নিৰ্দেশ দিয়ে।

প্ৰশাসনিক বিষয়াসকলে জনোৱা মতে, দুৰ্ঘটনাটোৰ কাৰণৰ তদন্ত অব্যাহত আছে আৰু পৰিস্থিতিৰ ওপৰত নিৰন্তৰ নিৰীক্ষণ অব্যাহত আছে। সম্প্ৰতি সাহায্য আৰু উদ্ধাৰ অভিযান চলি আছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande