
নতুন দিল্লী, ০৮ জুন (হি.স.)। নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ৰখাই থোৱা এয়াৰ ইণ্ডিয়াৰ তিনিখন বিমান স্থল সহায়ক সঁজুলিৰ সৈতে খুন্দা মৰাৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ তদন্ত আৰম্ভ কৰিছে অসামৰিক বিমান পৰিবহণ সঞ্চালকালয় চমুকৈ ডিজিচিএয়ে। বিমানসমূহ পৰিদৰ্শন আৰু ৰক্ষণাবেক্ষণৰ বাবে তাত ৰখাই থোৱাৰ সময়তে সংঘটিত হয় এই ঘটনা।
ডিজিচিএৰ তথ্য অনুসৰি যোৱা ৭ জুনত দিল্লী বিমানবন্দৰৰ টাৰ্মিনেল ২ত ৰখাই থোৱা টাটা নেতৃত্বাধীন বিমান সংস্থা এয়াৰ ইণ্ডিয়াৰ তিনিখন এ৩২০ বিমান বেয়া বতৰৰ সময়ত স্থল সঁজুলিৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছিল। প্ৰচণ্ড বতাহে ওচৰৰ ষ্টেণ্ড আৰু আশে-পাশে থকা দুটা মাটিৰ সঁজুলি স্থানান্তৰিত কৰি দুখন বিমানৰ ক্ষতিসাধন কৰে। ইয়াৰ উপৰিও আন এখন বিমানৰ সোঁফালৰ স্লাইডিং খিৰিকীখন এফ অ’ ডিৰ ফলত ক্ষতিগ্ৰস্ত হয়। বৰ্তমান তিনিওখন বিমান পৰিদৰ্শন আৰু ৰক্ষণাবেক্ষণৰ বাবে ৰখাই থোৱা হৈছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া