
শোণিতপুৰ, ০৮ জুন (হি.স.)। সমগ্ৰ বিশ্বতে সমাদৃত হোৱা তেজপুৰৰ লিচুৰ সোৱাদ লোৱাৰ পিছত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাজহুৱাকৈ তেজপুৰৰ লিচুক প্ৰশংসা কৰিছিল । সেয়েহে এইবাৰ তেজপুৰ লিচু উৎসৱৰ মাজতে শোণিতপুৰ জিলা প্ৰশাসনে প্ৰেৰণ কৰা তেজপুৰৰ সুস্বাদু মঙহাল লিচুৰ সোৱাদ লৈ পুনৰ সেই লিচুৰ সোৱাদ নতুন দিল্লীৰ সকলোকে মন্ত্ৰী পৰিষদকে ধৰি আন সকলো শীৰ্ষ বিষয়াক বিলাই দিবলৈ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ বোম্বাইয়া, ইলাচী, শ্বাহী, বিলাতী, পিয়াঁজী লিচু প্ৰেৰণ কৰা হয়।
উল্লেখ্য যে তেজপুৰৰ সুস্বাদু মঙহাল লিচু পুনৰ প্ৰেৰণ কৰিবলৈ দিল্লীৰ পৰা তেজপুৰৰ লিচু উৎপাদক সন্থালৈ বাৰ্তা অহাত আজি বহি:ৰাজ্যলৈ লিচু প্ৰেৰণ কৰাৰ সৈতে জড়িত হৈ থকা তেজপুৰৰ যুৱ উদ্যোগী তথা তেজপুৰ লিচু উৎসৱ উদযাপন সমিতিৰ সহকাৰী সম্পাদক দ্বয় বিশ্বজিৎ শইকীয়া আৰু পংকজ দাসৰ তৎপৰতাত পুনৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ ১০ হাজাৰ ৩০০ লিচু প্ৰেৰণ কৰিবলৈ পুৱাৰ পৰা ব্যস্ত হৈ পৰে তেজপুৰৰ একাংশ লিচু খেতিয়ক ।
উল্লেখ্য যে আজি পুৱা তেজপুৰৰ প্ৰয়াত সপোন নেওগৰ বাগিছাৰ লিচুক লৈ পুত্ৰ কৌশিক নেওগ, বেছেৰীয়াৰ আদৰ্শ লিচু খেতিয়ক শৰৎ চন্দ্ৰ শইকীয়া, লিচু খেতিয়ক আব্দুল জলিল আৰু আব্দুল খালেক ব্যস্ত হৈ পৰে নিজৰ নিজৰ বাগিছাৰ লিচু প্ৰধানমন্ত্ৰী কাৰ্যালয়লৈ প্ৰেৰণ কৰিবলৈ । বোম্বাইয়া, শ্বাহী, ইলাচি, বিলাতী আৰু পিয়াঁজী জাতৰ ১০ হাজাৰ ৩০০ লিচু পেকেটিং কৰি আজিয়েই দেশৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰে । স্বাভাৱিকতে লিচু উৎসৱৰ পিছদিনাই এনেদৰে দেশৰ ৰাজধানী চহৰলৈ বুলি তেজপুৰৰ লিচু প্ৰেৰণ কৰা খবৰে তেজপুৰ লিচু উৎসৱক আৰু অধিক প্ৰাসংগিক কৰি তুলিছে ।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ