মালয়ালম চলচ্চিত্ৰ অভিনেতা চেলিম কুমাৰ আৰু নাই
কোচি, ০৭ জুন (হি.স.)। জনপ্ৰিয় মলয়ালম চলচ্চিত্ৰ অভিনেতা চেলিম কুমাৰৰ ইয়াৰ ব্যক্তিগত চিকিৎসালয়ত দেহাৱসান ঘটে। তেঁও ৫৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। নিউমোনিয়াৰ চিকিৎসাৰ বাবে তেওঁক ভৰ্তি কৰা হৈছিল বুলি পৰিয়ালৰ সূত্ৰই প্ৰকাশ কৰিছে। শনিবাৰে নিশা
मलयालम फिल्मों के लोकप्रिय अभिनेता सलीम कुमार । फोटो - फाइल


কোচি, ০৭ জুন (হি.স.)। জনপ্ৰিয় মলয়ালম চলচ্চিত্ৰ অভিনেতা চেলিম কুমাৰৰ ইয়াৰ ব্যক্তিগত চিকিৎসালয়ত দেহাৱসান ঘটে। তেঁও ৫৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। নিউমোনিয়াৰ চিকিৎসাৰ বাবে তেওঁক ভৰ্তি কৰা হৈছিল বুলি পৰিয়ালৰ সূত্ৰই প্ৰকাশ কৰিছে। শনিবাৰে নিশা প্ৰায় ১০:৪৩ বজাত শেষ নিশ্বাস ত্যাগ কৰে। ৰাতিপুৱাই তেওঁক ভৰ্তি কৰাইছিল।

পৰিয়ালৰ সূত্ৰৰ পৰা জানিব পৰা মতে, কেইবছৰমান পূৰ্বে লিভাৰ ট্ৰান্সপ্লাণ্ট কৰা কুমাৰক চিকিৎসালয়খনত ভেণ্টিলেটৰত ৰখা হৈছিল। কুমাৰে নব্বৈৰ দশকৰ শেষৰ ফালে চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰাৰ পূৰ্বে কমেডীৰ জৰিয়তে স্বীকৃতি লাভ কৰিছিল। ১৯৯৭ চনত তেওঁ ডাঙৰ পৰ্দাত অভিষেক ঘটায়। তেওঁৰ কমেডী অভিনয়ে ২০০০ চনত তেওঁক ব্যাপক জনপ্ৰিয়তা প্ৰদান কৰে।

মলয়ালম ছবি অচানুৰংগথা বীডুত অভিনয় কৰি তেওঁ দ্বিতীয় শ্ৰেষ্ঠ অভিনেতাৰ বাবে কেৰালা ৰাজ্যিক চলচ্চিত্ৰ বঁটা লাভ কৰে। পৰৱৰ্তী সময়ত আদামিন্টে মকান অবু (২০১০) ছবিত অভিনয় কৰি ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু কেৰালা ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰে সন্মানিত হয়।

কেৰালাৰ মুখ্যমন্ত্ৰী ভি.ডি. সতীশনে অভিনেতা চেলিম কুমাৰৰ মৃত্যুত শোক প্ৰকাশ কৰে । শোক বাৰ্তাত সতীশনে কয়, চেলিম কুমাৰ আছিল উত্তৰ পাৰাভুৰৰ গৌৰৱ। সাধাৰণ পৰিয়ালত জন্মগ্ৰহণ কৰা কুমাৰে ৰাষ্ট্ৰীয় বঁটা লাভ কৰি ভাৰতীয় চিনেমাৰ শিখৰত উপনীত হয়। অভিনয়ৰ দক্ষতাই তেওঁক অস্কাৰৰ মনোনয়ন লাভ কৰে।

উল্লেখযোগ্য যে প্ৰায় তিনিটা দশকজুৰি চলি থকা কেৰিয়াৰত কুমাৰে কমেডীৰ পৰা ছিৰিয়াছলৈকে বিভিন্ন চৰিত্ৰত অভিনয় কৰিছিল। মৃত্যুৰ সময়ত তেওঁ পত্নী সুনীতা আৰু দুটা সন্তানক এৰি থৈ যায়।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande