কামৰূপ জিলাৰ ডেকাচাঙত বন বিভাগৰ অভিযান
কামৰূপ জিলাৰ ডেকাচাঙত বন বিভাগৰ অভিযান ।
কামৰূপ জিলাৰ ডেকাচাঙত বন বিভাগৰ অভিযান


কামৰূপ, ০৭ জুন (হি.স.): কামৰূপ জিলাৰ ডেকাচাঙত বন বিভাগৰ অভিযান চলে । নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক কাৰ্যালয়ৰ বন কৰ্মীৰ দলৰ অভিযানত জব্দ কৰা হয় বৃহৎ পৰিমাণৰ চোৰাং শাল কাঠ ভৰ্ত্তি এখন পিকআপ বাহন ।

চোৰাং কাঠ ভৰ্ত্তি বাহনখন এ এছ-০১ ভি ৯১৩২ নম্বৰৰ বুলি কোৱা হৈছে। কাঠ ভৰ্তি পিকআপ বাহনখন গৰৈমাৰীৰ পৰা মালিবাৰীলৈ আহি থকা অৱস্থাতে বন বিভাগে ডেকাচাঙত জব্দ কৰে । মুঠ ১৭ টা শাল কাঠৰ কুণ্ডা ভৰ্ত্তি পিকআপ বাহনখন নগৰবেৰা বনাঞ্চলিক কাৰ্যালয় লৈ অনা হৈছে। উল্লেখ্য যে, দীৰ্ঘদিন ধৰি নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বিভিন্ন প্ৰান্তত অব্যাহত আছে চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায় । এই চোৰাং কাৰবাৰ ৰোধ কৰিবলৈ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ সচেতন লোকসকলে দাবী জনাইছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande