
নলবাৰী, ০৭ জুন (হি.স.): পশ্চিম নলবাৰী আঞ্চলিক ছাত্র সন্থাৰ সহকাৰী সম্পাদক মাধুৰ্য বৰ্মনৰ নৃশংস হত্যাৰ সাত দিন উকলিল । নলবাৰী গংগাপুৰত চাঞ্চল্যকৰ হত্যাকাণ্ডত বলি হোৱা মাধুৰ্য্য বৰ্মনৰ যোৱা কালি শনিবাৰে বিয়লি নলবাৰীত আছুৰ উদ্য়োগত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হয় ৷
নলবাৰী আঞ্চলিক ছাত্ৰন্থাৰ উদ্যোগত শ্বহীদ ভৱনৰ বাকৰিত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয় ৷ পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক আছিল মাধুৰ্য্য বৰ্মন । ছাত্ৰ নেতাগৰাকীৰ অকাল বিয়োগত ম্ৰিয়মান হৈ আছে আছু নেতাকৰ্মীসকল ৷ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজন কৰা হৈছে নাগাৰা নাম প্ৰদৰ্শন ।জিলাখনৰ বহু সংখ্যক জ্যষ্ঠ নাগৰিকে অনুষ্ঠানত উপস্থিত থাকি মাধুৰ্যলৈ শ্ৰদ্ধাঞ্জলি জনায় ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ