পশ্চিম কাৰ্বি আংলঙৰ ডংকামোকামৰ ছজঙত ভয়ংকৰ পথ দুৰ্ঘটনা
পশ্চিম কাৰ্বি আংলঙৰ ডংকামোকাম উপ-আৰক্ষী চকীৰ অন্তৰ্গত ছজঙত ভয়ংকৰ পথ দুৰ্ঘটনা ৷
পশ্চিম কাৰ্বি আংলঙৰ ডংকামোকামৰ ছজঙত ভয়ংকৰ পথ দুৰ্ঘটনা


পশ্চিম কাৰ্বি আংলং, ০৭ জুন (হি.স.): পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকামোকাম উপ-আৰক্ষী চকীৰ অন্তৰ্গত ছজঙত যোৱা কালি শনিবাৰে সন্ধিয়া এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ এই ঘটনাত এজন লোক নিহত হোৱাৰ লগতে আন এজন গুৰুতৰবাৱে আহত হয়।

জানিব পৰামতে, তিনিজন আৰোহী কঢ়িয়াই নিয়া তীব্ৰবেগী এখন দুচকীয়া বাহনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত বাগৰি পৰি দুৰ্ঘটনাত পতিত হয় ৷ দুৰ্ঘটনাটোত পিন্টু মাৰাক আৰু বিশাল চাংমা নামৰ যুৱক দুজন থিতাতে নিহত হয় ৷ অভি মাৰাক নামৰ এগৰাকী যুৱক গুৰুতৰভাৱে আহত হোৱাত উন্নত চিকিৎসাৰ বাবে হোজাই হাম হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে ৷ দুৰ্ঘটনাত পিন্টু আৰু বিশাল পথৰ পৰা উফৰি গৈ পানীৰ নলাত পৰে বুলি জানিব পৰা গৈছে ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande