
বিশ্বনাথ, ০৭ জুন (হি.স.): বিশ্বনাথৰ ব্ৰহ্মাজানৰ পৰা জালুকবাৰী, নিৰ্মলা, দানী গাঁও সংযোগী এই গুৰুত্বপূৰ্ণ পথটোৱে বৰ্তমান জ্বলা কলা খুৱাইছে স্থানীয় তথা অঞ্চলতোৰ ৰাইজক । দীৰ্ঘদিন ধৰি মেৰামতিৰ অভাৱত পথটোৰ বিভিন্ন স্থানত সৃষ্টি হৈছে ডাঙৰ ডাঙৰ গাঁত, যাৰ ফলত প্ৰতিদিনে দুৰ্ভোগ ভুগিবলগীয়া হৈছে স্থানীয় ৰাইজে ৷
পথটোৰ দুৰৱস্থাই বিপদত পেলাইছে ৰাইজক ৷ বাহন চলাচল অতি বিপদজনক হৈ পৰিছে পথটোৰে । স্কুল-কলেজলৈ যোৱা ছাত্ৰ-ছাত্ৰী, ৰোগী কঢ়িয়াই নিয়া এম্বুলেন্স আৰু সাধাৰণ যাত্ৰীসকলে নানা সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। আজিকোপতি এই পথটো কিয় দৃষ্টি গোচৰ হোৱা নাই গড়কাপ্তানি বিভাগৰ ৷ ৰাইজে অতি শীঘ্ৰে পথটোৰ মেৰামতিৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰ তথা প্ৰশাসনৰ ওচৰত আহ্বান জনাইছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ