
দক্ষিণ শালমাৰা মানকাচৰ, ০৭ জুন (হি.স.): দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰ থানা এলেকাৰ সুনাপুৰৰ পাগলা তোলা গাঁৱত এক অঘটন সংঘটিত হৈছে। সুনাপুৰত বিদ্যুৎস্পষ্ট হৈ অভিৰুদ্দিন নামৰ এজন লোকৰ মৃত্যু হয়।
অভিৰুদ্দিন নামৰ লোকজন নিজৰ ঘৰৰ সন্মুখত যোৱা কালি শনিবাৰে সন্ধিয়া থকা এখন ফাৰ্মাচীৰ টিনৰ বেৰত গা লগাই বহাৰ লগে লগেই অচেতন হৈ পৰি যায়। ফলত ততাতৈয়াকৈ স্থানীয় ৰাইজ তথা পৰিয়ালৰ লোকে হাটশিঙিমাৰী জিলা চিকিৎসালয়ত লৈ যায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে । পিছত চিকিৎসালয়ত আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী লৈ পঠিওৱাৰ ব্য়ৱস্থা কৰে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ