পৰ্বতঝোৰাৰ ৰঙামাটি হিলছত লোমহৰ্ষক হত্যাকাণ্ড
পৰ্বতঝোৰাৰ ৰঙামাটি হিলছত লোমহৰ্ষক হত্যাকাণ্ড।
পৰ্বতঝোৰাৰ ৰঙামাটি হিলছত লোমহৰ্ষক হত্যাকাণ্ড


কোকৰাঝাৰ, ০৭ জুন (হি.স.): কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰাৰ ৰঙামাটি হিলছত যোৱা কালি বিয়লি এক লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা সংঘটিত হয় । স্বামীৰ হাতত প্ৰাণ গ’ল পত্নী মফিদা খাতুন নামৰ মহিলাগৰাকীৰ ।

স্বামী হানিফ আলীয়ে খৰি কটা উদ্দেশ্যে বনাঞ্চলতলৈ গৈ সংগঠিত কৰিলে এই হত্যাকাণ্ড । হত্যাকাণ্ড সংগঠিত কৰি পত্নীৰ মৃতদেহ লুকুৱাই ৰাখিছিল জংঘলত । দীৰ্ঘ দিনৰ পৰাই স্বামী-স্ত্ৰী মাজত চলি আছিল সংসাৰিক কন্দল । স্বামী হানিফ আলীয়ে নিজক বচাবলৈ পত্নী নিৰুদেশ হোৱাৰ নাটক ৰচনা কৰি বগৰীবাৰী থানাত দাখিল কৰিছিল এজাহাৰ । বগৰীবাৰী আৰক্ষীত তদন্ত ওলাই পৰে হত্যাকাণ্ড সবিশেষ । ঘন জংঘলৰ পৰা মহিলা গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে । হত্যাকাৰী স্বামী হানিফ আলীক আটক কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande