
গোলাঘাট, ০৭ জুন (হি.স.): গোলাঘাট জিলাৰ বোকাখাতত কালি বিয়লি বৃহৎ পৰিমাণৰ অবৈধ চুলাই মদ প্ৰস্তুত কৰিবৰ বাবে ব্যৱহাৰ কৰা লালী গুৰ জব্দ কৰাৰ লগতে এজনক আটক কৰিছে আবকাৰী বিভাগে ৷ বৰ্তমান আবকাৰী বিভাগটো মন্ত্ৰী অতুল বৰাৰ হাতত নাই যদিও যোৱা দুটা দিনৰ পূৰ্বে বোকাখাত সমজিলা আয়ুক্তৰ কাৰ্যালয়ত মন্ত্ৰীগৰাকীয়ে সকলো বিভাগৰ সৈতে হোৱা সভাত অবৈধ চুলাই মদৰ বিৰুদ্ধে ব্যৱস্থা ল'বৰ বাবে আবকাৰী বিভাগক নিৰ্দেশ দিছিল
মন্ত্ৰীৰ নিৰ্দেশৰ পিছত সাৰ পোৱা বিভাগটোৱে শনিবাৰ বিয়লি আৰক্ষী, দণ্ডাধীশ, খাদ্য আৰু অসামৰিক যোগান বিভাগ আৰু আবকাৰী বিভাগে যৌথভাৱে বোকাখাত আনন্দপুৰ চাহ বাগিচাৰ সমীপতে থকা সন্তোষ সিং যাদৱ নামৰ ব্যক্তিজনৰ এটা গুৰৰ গুদামত অভিযান চলাই ৷ অভিযানত গুদামটোৰ পৰা প্ৰায় ৪৫ টিন অবৈধ লালী গুৰ জব্দ কৰে ৷ সন্তোষ সিং যাদৱৰ খোৱা গুৰৰ লগতে পশুধনৰ বাবে গুৰ মজুত ৰখাৰ অনুজ্ঞা পত্ৰ আছে যদিও অবৈধ লালী গুৰ ৰখাৰ কোনো অনুমতি নাই ৷ আৰক্ষী, দণ্ডাধীশ আৰু আবকাৰী বিভাগে গুদামটো তন্ন তন্নকৈ পৰীক্ষা কৰাৰ লগতে নথিপত্ৰ পৰীক্ষা কৰি অবৈধ লালী গুৰ মজুত ৰখাৰ অপৰাধত গুৰ ব্যৱসায়ী সন্তোষ সিং যাদৱক আটক কৰি সোধাপোছা অব্যাহত ৰাখিছে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ