
শিৱসাগৰ, ০৭ জুন (হি.স.)। অস্তিত্ব সংকটৰ গৰাহত পৰিছে গৌৰিসাগৰ বৰপুখুৰী। আহোম ৰাজত্বৰ ৬০০ বছৰীয়া গৌৰৱময় ইতিহাসৰ চানেকি শিৱসাগৰৰ ঐতিহাসিক গৌৰিসাগৰ বৰপুখুৰী অস্তিত্ব সংকটত ভুগিছে।
উল্লেখ্য যে ১৭২৩ চনত বৰৰজা ফুলেশ্বৰী কুঁৱৰীয়ে ৪০০বিঘা মাটিত নিৰ্মাণ কৰিছিল এই পুখুৰীটো । বৰ্তমান সময়ত গোটেই পুখুৰীটো কচু আৰু ঘাঁহ-বনে আগুৰি ধৰিছে। দেশী-বিদেশী পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ এই গৌৰিসাগৰ বৰপুখুৰী এতিয়া যেন ডাষ্টবিনত পৰিণত হৈছে । সম্প্ৰতি পুখুৰিৰ পাৰত এটাও ষ্ট্ৰীট লাইট নাই, অথচ তাৰ পাৰে পাৰে নিতৌ শ শ মানুহ আহ- যাহ কৰে। বৰপুখুৰীৰ পাৰতে আছে তিনিটাকৈ ৰজাদিনীয়া ঐতিহাসিক দ'ল। পুখুৰীৰ চাৰিওফালে কোনো ৱাল নাই, নাই এটাও ষ্ট্ৰীট লাইট যাৰ ফলত বিগত তিনিটা বছৰত পুখুৰীত পৰি পাঁচজনকৈ লোকৰ মৃত্যু হৈছে । সন্ধিয়া হ’লেই নামি আহে ঘোৰ অন্ধকাৰ । এইক্ষেত্ৰত অতি শীঘ্ৰে পুখুৰীৰ পাৰত ৱাল, ষ্ট্ৰীট লাইট আৰু নিয়মীয়া চাফাই ব্যৱস্থা কৰিবলৈ দাবী জনাইছে ৰাইজে ।
*
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু