বিলাসীপাৰাৰ লক্ষীগঞ্জত সংঘটিত ভয়ংকৰ মাৰপিটৰ ঘটনা
বিলাসীপাৰাৰ লক্ষীগঞ্জত সংঘটিত হৈছে ভয়ংকৰ মাৰপিটৰ ঘটনা।
বিলাসীপাৰাৰ লক্ষীগঞ্জত সংঘটিত ভয়ংকৰ মাৰপিটৰ ঘটনা


ধুবুৰী, ০৭ জুন (হি.স.): ধুবুৰী জিলাৰ বিলাসীপাৰাৰ লক্ষীগঞ্জত সংঘটিত হৈছে ভয়ংকৰ মাৰপিটৰ ঘটনা। লক্ষীগঞ্জৰ মিলনপুৰ গাওঁ খনৰ এখন ৰাজহুৱা পথক কেন্দ্ৰ কৰি কালি বিয়লি দুই ফৈদৰ মাজত সৃষ্টি হয় এই মাৰপিটৰ ঘটনা। মাৰপিটত আহত হয় দুগৰাকী ব্যক্তি।

গাওঁখনৰ হাশেম আলী নামৰ ব্যক্তি জনৰ সন্ত্ৰাসত অতিষ্ঠ হৈ পৰিছে গাঁওবাসী । হাশেম আলীৰ অতীষ্ঠত গাঁওবাসী ৰাইজে ওলাই আহি লক্ষীগঞ্জ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে । উক্ত এজাহাৰ ভিত্তিত লক্ষীগঞ্জ আৰক্ষীয়ে উচিত তদন্ত কৰি কঠোৰ শাস্তি প্ৰদান কৰাৰ লগতে হাশেম আলীক গাওঁখন পৰা উচ্ছেদৰ দাবী উত্থাপন কৰে দ'ল সংগঠন তথা গাওঁবাসীয়ে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande