শ্ৰীৰামপুৰত বিদ্যুতৰ লুকাভাকুত অতীষ্ঠ জনতা
নতুন চাব-ষ্টেচন স্থাপন কৰাৰ পাছতো ঘণ্টাৰ পাছত ঘণ্টা বিদ্যুৎ কৰ্তন কৰাত অতিষ্ঠ ৰাইজ।
শ্ৰীৰামপুৰত বিদ্যুতৰ লুকাভাকুত অতীষ্ঠ জনতা


কোকৰাঝাৰ, ০৭ জুন (হি.স.): কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত শ্ৰীৰামপুৰ অঞ্চলত পুনৰ বিদ্যুতৰ লুকাভাকু আৰম্ভ হোৱাক কেন্দ্ৰ কৰি তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে স্থানীয় ৰাইজে । অঞ্চলটোত নতুন চাব-ষ্টেচন স্থাপন কৰাৰ পিছত বিদ্যুৎ সেৱাৰ উন্নতি হ'ব বুলি আশা কৰা হৈছিল যদিও বাস্তৱত এতিয়াও ঘণ্টাৰ পাছত ঘণ্টা বিদ্যুৎ কৰ্তন চলি থকাৰ অভিযোগ উত্থাপন হৈছে।

স্থানীয় বাসিন্দাসকলৰ অভিযোগ অনুসৰি, দিন-ৰাতি অনিয়মীয়া বিদ্যুৎ যোগানৰ ফলত সাধাৰণ জনজীৱন ব্যাহত হৈছে। ব্যৱসায়-বাণিজ্য, শিক্ষাৰ্থীৰ পঢ়া-শুনা তথা বিভিন্ন ক্ষুদ্ৰ উদ্যোগো ইয়াৰ ফলত ক্ষতিগ্ৰস্ত হৈছে। বিশেষকৈ গৰম বতৰত দীৰ্ঘ সময় ধৰি বিদ্যুৎ নাথাকিলে বৃদ্ধ, শিশু আৰু অসুস্থ লোকসকল অধিক সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে ।

ইফালে, বিদ্যুৎ কৰ্তনৰ বিষয়ে জানিবলৈ বিভাগীয় কৰ্মচাৰীৰ সৈতে যোগাযোগ কৰিলে বহু সময়ত সন্তোষজনক উত্তৰ লাভ নকৰাৰ লগতে দূৰ্ব্যৱহাৰৰ সন্মুখীন হ'বলগীয়া হয় বুলি অভিযোগ কৰিছে একাংশ ৰাইজে। এই বিষয়টোৱে জনসাধাৰণৰ মাজত ক্ষোভৰ সৃষ্টি কৰিছে । ৰাইজে কয় যে, নতুন চাব-ষ্টেচন স্থাপনৰ বাবে চৰকাৰে কোটি কোটি টকা ব্যয় কৰাৰ পিছতো যদি বিদ্যুৎ সমস্যাৰ সমাধান নহয়, তেন্তে ইয়াৰ লাভ কি? তেওঁলোকে শীঘ্ৰে বিদ্যুতৰ সমস্যা সমাধানৰ দাবী জনাইছে ।

অতি সোনকালে বিদ্যুৎ যোগান ব্যৱস্থা স্বাভাৱিক নকৰিলে আৰু কৰ্তৃপক্ষই বিষয়টো গুৰুত্ব সহকাৰে নল'লে স্থানীয় ৰাইজে গণতান্ত্ৰিক আন্দোলন, অৱস্থান ধৰ্মঘট আৰু প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ দিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande