ধমধমাত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা
নলবাৰী, ০৭ জুন (হি.স.)। নলবাৰী জিলাৰ ধমধমাত যোৱা কালি শনিবাৰে নিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । এই ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে দুজন যুৱকৰ। ধমধমাৰ ইছলাম চুপাত সংঘটিত হয় দুৰ্ঘটনাটো। জানিব পৰামতে, এএছ ০১ জিএছ ৩০৫৫ নম্বৰৰ স্কুটিখনেৰে নলবাৰীৰ দিশৰ
ধমধমাত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা


নলবাৰী, ০৭ জুন (হি.স.)। নলবাৰী জিলাৰ ধমধমাত যোৱা কালি শনিবাৰে নিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । এই ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে দুজন যুৱকৰ। ধমধমাৰ ইছলাম চুপাত সংঘটিত হয় দুৰ্ঘটনাটো।

জানিব পৰামতে, এএছ ০১ জিএছ ৩০৫৫ নম্বৰৰ স্কুটিখনেৰে নলবাৰীৰ দিশৰ পৰা তামুলপুৰ দিশে গৈ থকা অৱস্থাত সংঘটিত হয় দুৰ্ঘটনাটো । দুৰ্ঘটনাটোত আহত হয় স্কুটি আৰোহী দুজন । আহত যুৱক দুজন তামুলপুৰ জিলাৰ গোৱালবিল গাঁৱৰ পৰাগ দাস আৰু মৃনাল দাস বুলি জানিব পৰা গৈছে ।

স্থানীয় লোকে আহত যুৱক দুজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰে।

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande