
কোকৰাঝাৰ, ০৭ জুন (হি.স.): কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁৱৰ কাশিয়াবাৰী বুঢ়াচাৰা নদীত ওপঙি থকা অৱস্থাত মৃতদেহ উদ্ধাৰ কৰা হৈছে । কাশিয়াবাৰীৰ বাসিন্দা মঙ্গল ছৰেনৰ পত্নী মাইকু কিস্কু নামৰ এজনীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । কালি বিয়লি বুঢ়াচাৰা নদীত গাঁৱৰ ৰাইজে পানীত তলমুৱা হৈ থকা মৃতদেহ প্ৰত্যক্ষ কৰি সাপকাটা আৰক্ষীক অৱগত কৰে।
ঘটনাস্থলীত সাপকাটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজীৱ কলিতা,আৰু গোসাইগাঁও মহকুমা আৰক্ষী বিষয়া মণ্টুৰাম বৰা, গোসাইগাঁও থানাৰ অ .চি -কে এচ চিমটি, কাৰ্যবাহী দণ্ডাধীশ ঘটনাস্থলীত উপস্থিত হৈ নদীৰ মাজৰ পৰা ওপঙি যোৱা মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা কৰিবলৈ কোকৰাঝাৰ লৈ প্ৰেৰণ কৰে । মৃত লোকজনৰ বয়স অনুমানিক ৫০ বছৰ হ'ব বুলি ধাৰণা কৰা হৈছে । লগত কাপোৰৰ টোপলা উদ্ধাৰ হোৱা লোকজন আদিবাসী সম্প্ৰদায়ৰ বুলি চিনাক্ত কৰা হৈছে । মাইকু কিস্কুকে নদীত কাপোৰ ধুবলৈ আহি পিছলি পৰি মৃত্যু হোৱাৰ সন্দেহ কৰে স্থানীয় ৰাইজে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ