শিৱসাগৰ চাইকেল সমাজৰ চাইকেল ৰেলী
শিৱসাগৰ চাইকেল সমাজৰ চাইকেল ৰেলী।
শিৱসাগৰ চাইকেল সমাজৰ চাইকেল ৰেলী


শিৱসাগৰ, ০৭ জুন (হি.স.): বিশ্ব চাইকেল দিৱসৰ লগত সংগতি ৰাখি শিৱসাগৰ চাইকেল সমাজৰ উদ্য়োগত বিশেষ চাইকেল ৰেলী বাহিৰ কৰা হয় । তিনি জুন বিশ্ব চাইকেল দিৱস । এই বিশেষ দিনটোৰ লগত সংগতি ৰাখি শিৱসাগৰ চাইকেল সমাজে আজি পুৱা গ্ৰহণ কৰে বিশেষ কাৰ্যসূচী ।

ঐতিসাহিক শিৱসাগৰ পুখুৰীৰ পৰা জয়সাগৰ পুখুৰী হৈ পুনৰ শিৱসাগৰ পুখুৰী পাৰলৈ চাইকেল যাত্ৰা উলিওৱা হয় । এই চাইকেল ৰেলীত শতাধিক চাইকেল প্ৰেমী আৰু ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে । এই ৰেলীৰ শুভ উদ্ধোধন অনুষ্ঠানত উপস্থিত থাকে শিৱসাগৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মইদুল ইছলাম আৰু জিলা ক্ৰীড়া বিষয়াকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande