
নগাঁও, ০৭ জুন (হি.স.): নগাঁও জিলাৰ ধিঙত চোৰৰ তাণ্ডৱৰ মাজতে অৱশেষত ৰাইজৰ জালত পৰিল ইক্ৰামূল নামৰ কুখ্যাত চোৰ এটা । ধিঙৰ চৰাঞ্চলত দীৰ্ঘদিন ধৰি চলি অহা গৰু-মহ চুৰি, সোণ-ৰূপৰ অলংকাৰ আৰু নগদ ধন লুটৰ ঘটনাই আতংকিত কৰি তুলিছিল স্থানীয় ৰাইজক। বিশেষকৈ কমল সুতি চৰৰ ৰফিকুল ইছলামৰ গোহালিৰ পৰা দুটাকৈ ম’হ চুৰি হোৱাৰ ঘটনাই অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছিল ।
ঘটনাৰ পিছৰে পৰা ৰাইজে নিজাববীয়াকৈ বিচাৰ-খোচাৰ অব্যাহত ৰাখে । গোপন সূত্ৰৰ খবৰৰ ভিত্তিত শুক্ৰবাৰে এটা জীৱন্ত ম’হ উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও আনটো ম’হৰ কোনো সন্ধান পোৱা যোৱা নাছিল । আজি পুৱা পোহৰলৈ আহে সমগ্ৰ ঘটনা। খৈৰামাৰীৰ ইক্ৰামূল নামৰ এজন লোকে চুৰি হোৱা আনটো ম’হ কাটি তাৰ মাংস ধিঙৰ মাঠখলা বজাৰত বিক্ৰী কৰিবলৈ আনিছিল । সন্দেহবশতঃ স্থানীয় লোকে সোধা-পোছা কৰাত সমগ্ৰ কাণ্ড ফাদিল হয়। ইয়াৰ পিছতে ক্ষুব্ধ ৰাইজে অভিযুক্ত ইক্ৰামূলক আটক কৰি ধিং আৰক্ষীৰ হাতত গতাই দিয়ে। বৰ্তমান আৰক্ষীয়ে অভিযুক্তজনক জেৰা অব্যাহত ৰাখিছে আৰু ঘটনাটোৰ সৈতে জড়িত আন কোনো লোক আছে নেকি তাৰো তদন্ত চলাই আছে । চৰাঞ্চলত বৃদ্ধি পোৱা চুৰি কাণ্ডৰ মাজতে এই ঘটনাই পুনৰ এবাৰ আইন-শৃংখলা আৰু সুৰক্ষা ব্যৱস্থাক লৈ প্ৰশ্ন উত্থাপন কৰিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ