
বৰপেটা, ০৭ জুন (হি.স.): বজালী আৰক্ষীয়ে চলোৱা অভিযানত চাইবাৰ অপৰাধৰ সৈতে জড়িত ৪ অভিযুক্ত আটক কৰা হৈছে । চাইবাৰ অপৰাধৰ বিৰুদ্ধে যোৱা কালি শনিবাৰে বিয়লি বজালীৰ ডিএছপি ভবাৰ্ণৱ নাথৰ নেতৃত্বত অভিযান চলাই ৪ জন অভিযুক্তক আটক কৰিবলৈ সক্ষম হৈছে । অভিযোগ অনুসৰি, বহি ৰাজ্যৰ অপৰাধী চক্ৰৰ সৈতে জড়িত হৈ বজালীৰ পৰাই এই চাইবাৰ জাল চলাই আছিল অভিযুক্তসকলে ।
জানিব পৰা মতে, বহি ৰাজ্যৰ বিভিন্ন লোকৰ পৰা প্ৰতাৰণাৰে সংগ্ৰহ কৰা ধন বজালী অঞ্চলৰ বিভিন্ন চিএছপি (Customer Service Point)-ৰ জৰিয়তে উলিয়াই লৈছিল অপৰাধীসকলে । এই ঘটনাৰ ফলত বিভিন্ন সময়ত একাধিক চিএছপি গৰাকীৰ একাউণ্ট বন্ধ হৈ যোৱাত তেওঁলোকে বিষয়টো বজালী আৰক্ষীক অৱগত কৰে । অভিযোগসমূহক গুৰুত্ব সহকাৰে লৈ তদন্ত আৰম্ভ কৰি বজালী আৰক্ষীয়ে ইতিমধ্যে ৪ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে । আটকাধীনসকলৰ ভিতৰত বিহাৰৰ দুজন অভিযুক্ত হৈছে আদিত্য তিৱাৰী আৰু ৰাহুল কুমাৰ। আন দুজন হৈছে বজালীৰ হকাৰটোপ গাঁৱৰ জিতুমণি ৰয় আৰু পুঠিমাৰী গাঁৱৰ ৰঞ্জন দাস ।
বজালী আৰক্ষীয়ে ইতিমধ্যে অভিযুক্ত কেইজনৰ মোবাইলৰ পৰা বিভিন্ন মানুহৰ একাউণ্ট নম্বৰৰ লগতে বহু কেইখন এটিএম কাৰ্ড আৰু বিভিন্ন নথি পত্ৰ জব্দ কৰিবলৈ সক্ষম হৈছে । ঘটনা সন্দৰ্ভত অধিক তদন্ত অব্যাহত ৰাখিছে বজালী আৰক্ষীয়ে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ