
গুৱাহাটী, ০৭ জুন (হি.স.)। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰখ্যাত কবি, গীতিকাৰ, নাট্যকাৰ পাৰ্বতী প্ৰসাদ বৰুৱাক মৃত্যু বাৰ্ষিকীত স্মৰণ কৰি তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।
ছ’চিয়েল মিডিয়াত এটা বাৰ্তা শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অসমীয়াৰ প্ৰখ্যাত কবি, গীতিকাৰ, নাট্যকাৰ পাৰ্বতী প্ৰসাদ বৰুৱাৰ মৃত্যু বাৰ্ষিকীত তেওঁ শ্ৰদ্ধাৰে স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জনাইছে।
মুখ্যমন্ত্রী শৰ্মাই কয় যে গীতিকাৰ হিচাপে বিখ্যাত বৰুৱাই কেৱল অসমীয়া সাহিত্যক গঢ় দিয়াই নহয়, অসমীয়া চলচ্চিত্ৰ নিৰ্মাণৰ জৰিয়তে অসমৰ চিনেমা জগতকো গঢ় দিছিল। তেওঁৰ ৰচনাসমূহ প্ৰতিজন অসমীয়াৰ অন্তৰত সদায় সজীৱ হৈ থাকিব।
উল্লেখ্য় যে ১৯০৪ চনৰ ১৯ আগষ্টত শিৱসাগৰ জিলাত জন্মগ্ৰহণ কৰিছিল পাৰ্বতী প্ৰসাদ বৰুৱাই । ১৯৬৪ চনৰ ৭ জুনত তেখেতৰ দেহাৱসান ঘটে । অসমীয়া সাহিত্যিক, গীতিকাৰ, কবি, চলচ্চিত্ৰ নিৰ্মাতা, নাট্যকাৰ, গীতিকাৰ হিচাপে তেওঁ পৰিচিত আছিল। ১৯৪০ চনত তেওঁ ৰূপহী নিৰ্মাণ কৰিছিল । ৰূপহী আছিল চতুৰ্থখন অসমীয়া ছবি। তেওঁ কেৱল ছবিখন নিৰ্মাণ কৰাই নহয়, ইয়াত অভিনয়ো কৰিছিল। ছাত্ৰ হৈ থাকোঁতে তেওঁ টুপিতৰা নামৰ এখন হাতে লিখা আলোচনী প্ৰকাশ কৰিছিল। টুপিতৰা বন্ধ হোৱাৰ পিছত তেওঁ কনিষ্ঠ ভাতৃ মোক্ষদা প্ৰসাদৰ সম্পাদনাত ঘৰ-জ্য়োতি লিখি প্ৰকাশ কৰে। পাৰ্বতী প্ৰসাদ বৰুৱাই ১৯৬১ চনত গুৱাহাটীত অসম সাহিত্য সভাৰ সংগীত সন্মিলনৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ