
বৰপেটা, ০৭ জুন (হি.স.): জনীয়াত এজাক বৰষুণতেই কৃত্ৰিম বানৰ সৃষ্টি হোৱাত ব্য়াপক অসুবিধাৰ সৃষ্টি হয়। বৰপেটাৰ পৰা জনীয়া হৈ অভয়াপুৰী যোৱা সংযোগী ৰাজ্যিক ঘাইপথত এজাক বৰষুণতেই কৃত্ৰিম বানৰ সৃষ্টি হয়। ইয়াৰ ফলত চৰম দুৰ্ভোগ ভূগিছে পথচাৰীৰ লগতে স্থানীয় ৰাইজে।
দীৰ্ঘদিন ধৰি এনেদৰে জনীয়াৰ পেট্ৰ’ল পাম্পৰ সমীপত বৰষুণৰ পানী জমা হোৱাৰ ফলত ব্যৱসায়ী সকলৰ লগতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী তথা ৰাইজৰ যাতায়তৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে। সেয়ে অতি শীঘ্ৰে উক্ত পথচোৱাৰ কাষেৰে ড্ৰেইনৰ ব্যৱস্থা কৰি বিজ্ঞানসন্মত বাবে পানী নিষ্কাষণৰ ব্যৱস্থা কৰাৰ দাবী জনায় ৰাইজে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ