পৰ্বতঝোৰাৰ বিগত এক সপ্তাহ ধৰি সন্ধানহীন এজন শ্ৰমিক
পৰ্বতঝোৰাৰ বিগত এক সপ্তাহ ধৰি সন্ধানহীন এজন শ্ৰমিক।
পৰ্বতঝোৰাৰ বিগত এক সপ্তাহ ধৰি সন্ধানহীন এজন শ্ৰমিক


কোকৰাঝাৰ, ০৬ জুন (হি.স.): কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমাৰ বগৰিবাৰী থানাৰ অন্তৰ্গত শিলবানৰ ডুলিগাঁও দ্বিতীয় খণ্ড গাঁৱৰ অজিত চাংমা নামৰ দুখীয়া শ্ৰমিক জনে যোৱা ২৯মে তাৰিখে নিজ ঘৰৰ পৰা গুজৰাটত কাম কৰিবলৈ ওলাই যায় । পশ্চিমবংগৰ কোচবিহাৰলৈকে পৰিয়ালৰ লোকৰ লগত যোগাযোগ আছিল কিন্তু হঠাৎ শ্ৰমিকজনৰ মোবাইল ফোনটো বন্ধ হৈ পৰাত পৰিয়াল লোকৰ লগত প্ৰায় এক সপ্তাহে কোনো যোগাযোগ নোহোৱাত পৰিয়ালৰ লোকে চিন্তিত হৈ পৰে ।

শ্ৰমিকজনৰ আত্মীয় ,বন্ধু বৰ্গৰ লগত যোগাযোগ কৰিও কোনো সন্ধান নোপোৱাত পৰিয়ালৰ লোকে বগৰিবাৰী থানাত এখন নিৰুদেশ হোৱাৰ এজাহাৰ দাখিল কৰে । কোনো সদাশয় ব্যক্তিয়ে শ্ৰমিক জনক দেখা পালে পৰিয়ালৰ লোকৰ লগত যোগাযোগ কৰিবলৈ কাতৰ আহ্বান জনাইছে ভুক্তভোগী পৰিয়ালটোৱে । এইক্ষেত্ৰত যোগাযোগৰ বাবে 80114 34159 মোবাইল নম্বৰটো উল্লেখ কৰিছে পৰিয়ালটোৱে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande