অসম সাহিত্য সভাৰ পঞ্চৰত্ন-গুৱাহাটী অধিৱেশনৰ আধৰুৱা প্ৰতিনিধি সভা স্থগিত
শোণিতপুৰ, ০৬ জুন (হি.স.)। অসম সাহিত্য সভাৰ পঞ্চৰত্ন-গুৱাহাটী অধিৱেশনৰ আধৰুৱা প্ৰতিনিধি সভা খন পুনৰ স্থগিত ৰখা হৈছে। যোৱা ১ ফেব্রুৱাৰি-২০২৬ খ্রীষ্টাব্দ তাৰিখে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত সভাৰ পঞ্চৰত্ন গুৱাহাটী অধিৱেশনৰ প্রতিনিধি
অসম সাহিত্য সভাৰ পঞ্চৰত্ন-গুৱাহাটী অধিৱেশনৰ আধৰুৱা প্ৰতিনিধি সভা স্থগিত


শোণিতপুৰ, ০৬ জুন (হি.স.)। অসম সাহিত্য সভাৰ পঞ্চৰত্ন-গুৱাহাটী অধিৱেশনৰ আধৰুৱা প্ৰতিনিধি সভা খন পুনৰ স্থগিত ৰখা হৈছে। যোৱা ১ ফেব্রুৱাৰি-২০২৬ খ্রীষ্টাব্দ তাৰিখে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত সভাৰ পঞ্চৰত্ন গুৱাহাটী অধিৱেশনৰ প্রতিনিধি সভাৰ শেষৰ ফালে এটা বিশেষ বিষয় লৈ অনাকাংক্ষিত পৰিস্থিতিৰ সূচনা হোৱাত বছেৰেকীয়া হিচাপ দাখিলকে আদি কৰি গুৰুত্বপূর্ণ বিষয় কেইটিমান উপস্থাপন নোহোৱাকৈয়ে প্রতিনিধি সভাখন স্থগিত ৰখা হৈছিল। পৰিস্থিতিগত কাৰণত আধৰুৱা হৈ ৰোৱা প্রতিনিধি সভাখন গোলাঘাটত অনুষ্ঠিতব্য কার্য্যনির্বাহক অধিৱেশনৰ পিছতে কিছু সময়ৰ বাবে আয়োজন কৰি সম্পূৰ্ণ কৰিবলৈ যোৱা ১১ এপ্রিল-২০২৬ খ্রীষ্টাব্দত গুৱাহাটীত অনুষ্ঠিত কৰ্ণধাৰ সমিতিৰ সভাই পৰামৰ্শ দিছিল ।

সেই অনুসৰি অহা কাইলৈ অৰ্থাৎ ৭ জুন, ২০২৬ তাৰিখে গোলাঘাট জিলা সাহিত্য সভাৰ আতিথ্যত গোলাঘাটৰ বীৰাংগনা সতী সাধনী কলাক্ষেত্ৰত অনুষ্ঠিত হ'বলগীয়া পঞ্চম পূৰ্ণাংগ কাৰ্যনিৰ্বাহক অধিৱেশনৰ পিছতে প্ৰতিনিধি সভাখন আয়োজন কৰাৰ সিদ্ধান্ত লোৱা হৈছিল । এই আয়োজনৰ বাবে যোৰহাটৰ সত্ৰ ন্যায়াধীশ আদালতত ১৬/২০২৬ নম্বৰৰ আৱেদন দাখিল (কেভিয়েট) কৰি অনুমতি গ্ৰহণ কৰা হৈছিল ৷ কিন্তু আজি বিয়লি মহামান্য কামৰূপ মহানগৰ দেৱানী ন্যায়াধীশ (চিভিল জাৰ্জ)ৰ এক ৰায়ৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি কাইলৈ অনুষ্ঠিত হ'ব লগা পঞ্চৰত্ন-গুৱাহাটী অধিৱেশনৰ আধৰুৱা প্রতিনিধি সভাখন স্থগিত ৰখা হৈছে ।

ইয়াৰ পাছতেই আজি অনলাইনযোগে সভাৰ সভাপতি ড° বসন্তকুমাৰ গোস্বামীৰ পৌৰোহিত্যত বিয়লি অনুষ্ঠিত কৰ্ণধাৰ সমিতিৰ জৰুৰী সভাই এই সিদ্ধান্ত গ্ৰহণ কৰে বুলি অসম সাহিত্য সভাৰ প্ৰধানসম্পাদক দেৱজিৎ বৰাই জনাইছে। আজিৰ কৰ্ণধাৰ সমিতিৰ সভাত উপসভাপতি পদুম ৰাজখোৱা, সদস্য ধীৰেন শৰ্মা, ড° অনিল শইকীয়া, ড° মাধুৰ্য্য মণ্ডিত বৰুৱা, কন্দৰ্প কুমাৰ শৰ্মাকে ধৰি সদস্যসকল উপস্থিত থাকে৷ কাইলৈ একে স্থানতে অনুষ্ঠিত হ'ব লগা পঞ্চম কার্যনির্বাহক অধিৱেশনত এই বিষয়ে আলোচনা কৰা হ'ব বুলি সমিতিয়ে জানিবলৈ দিয়ে ।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande