ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ বিশ্ব পৰিবেশ দিৱস উদযাপন
ডিব্ৰুগড়, ০৫ জুন (হি.স.)। আজি বিশ্বৰ প্ৰান্তে প্ৰান্তে উদযাপন কৰা হৈছে বিশ্ব পৰিবেশ দিৱস। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে ডিব্ৰুগড় প্ৰেছ ক্লাৱে ১৭১ চি আৰ পি এফ বেটেলিয়ান আৰু বন বিভাগৰ সহযোগত বিশ্ব পৰিবেশ দিৱস উদযাপন কৰে। ডিব্ৰুগড় প্ৰেছ ক্
ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ বিশ্ব পৰিবেশ দিৱস উদযাপন


ডিব্ৰুগড়, ০৫ জুন (হি.স.)। আজি বিশ্বৰ প্ৰান্তে প্ৰান্তে উদযাপন কৰা হৈছে বিশ্ব পৰিবেশ দিৱস। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে ডিব্ৰুগড় প্ৰেছ ক্লাৱে ১৭১ চি আৰ পি এফ বেটেলিয়ান আৰু বন বিভাগৰ সহযোগত বিশ্ব পৰিবেশ দিৱস উদযাপন কৰে।

ডিব্ৰুগড় প্ৰেছ ক্লাবৰ চৌকিডিঙী স্থিত চৌহদত উদযাপন কৰা হয় এই দিৱস।এই উপলক্ষে প্ৰায় ৫০ জোপা নাহৰ গছৰ পুলি ৰোপনৰ কৰা হয়।অনুষ্ঠানত চি আৰ পি এফ ৰ ডি আই জি (অপাৰেশ্বন) প্ৰভাকৰ ট্ৰিপাঠি মুখ্য আতিথি ৰূপে উপস্থিত থাকে।তদুপৰি ডিব্ৰুগড় ক্ৰীড়া সন্থাৰ সম্পাদক,শিক্ষা প্ৰতিষ্ঠানৰ মূৰব্বীৰ লগতে চি আৰ পি এফ ৰ উচ্চপদস্থ বিষয়া, সাংবাদিক আদি ভালে সংখ্যক লোক উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande