জামুগুৰিহাটত দিনদুপৰতে চিলনী চোৰে মহিলাৰ ডিঙিৰপৰা থপিয়াই নিলে সোণৰ চেইন
শোণিতপুৰ, ০৫ জুন (হি.স.)। জামুগুৰিহাটত দিনদুপৰতে চিলনী চোৰে মহিলাৰ ডিঙিৰপৰা থপিয়াই নিলে সোণৰ চেইন৷ শামুখাচুক গাঁৱৰ ৰিতাঞ্জু শইকীয়া নামৰ মহিলাগৰাকীৰ ডিঙিৰপৰা থপিয়াই নিলে ডেৰটোলা ওজনৰ চেইনডাল৷ জানিব পৰা অনুসৰি নিকটৱৰ্তী এঘৰৰ তাত বিয়া খাবলৈ বুলি ওলা
জামুগুৰিহাটত দিনদুপৰতে চিলনী চোৰে মহিলাৰ ডিঙিৰপৰা থপিয়াই নিলে সোণৰ চেইন


শোণিতপুৰ, ০৫ জুন (হি.স.)। জামুগুৰিহাটত দিনদুপৰতে চিলনী চোৰে মহিলাৰ ডিঙিৰপৰা থপিয়াই নিলে সোণৰ চেইন৷ শামুখাচুক গাঁৱৰ ৰিতাঞ্জু শইকীয়া নামৰ মহিলাগৰাকীৰ ডিঙিৰপৰা থপিয়াই নিলে ডেৰটোলা ওজনৰ চেইনডাল৷

জানিব পৰা অনুসৰি নিকটৱৰ্তী এঘৰৰ তাত বিয়া খাবলৈ বুলি ওলাই আহোতেই বাইকত অহা এটা দূৰ্বৃত্তই থপিয়াই নিলে চেইনডাল৷ মহিলাগৰাকীয়ে হুৱা দুৱা লগাই যদিও তেতিয়ালৈ চোৰে পলায়ন কৰে। পিছত এই ঘটনা সন্দৰ্ভত মহিলাগৰাকীয়ে জামুগুৰি আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে৷

অভিযোগ মতে বিগত কেইবামাহ ধৰি চিলনী চোৰে সন্ত্ৰাস সৃষ্টি কৰি আহিছে জামুগুৰিহাটত৷

সেয়েহে স্থানীয় লোকে এতিয়া আৰক্ষীৰ ক্ষীপ্ৰ তদন্তৰ দাবী কৰিছে৷

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande