৮-৯ জুনত উত্তৰ কোৰিয়া ভ্ৰমণ কৰিব ছি জিনপিংঃ চৰকাৰী সংবাদ মাধ্যম
মস্কো, ০৫ জুন (হি.স./ৰিয়া নভোষ্টি)। উত্তৰ কোৰিয়াৰ নেতা কিম জং উনৰ আমন্ত্ৰণত চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙে অহা ৮-৯ জুনত উত্তৰ কোৰিয়ালৈ ৰাজ্যিক ভ্ৰমণ কৰিব। শুকুৰবাৰে এই কথা ঘোষণা কৰে কোৰিয়াৰ কেন্দ্ৰীয় সংবাদ সংস্থাই। চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়ীয়ে
৮-৯ জুনত উত্তৰ কোৰিয়া ভ্ৰমণ কৰিব ছি জিনপিংঃ চৰকাৰী সংবাদ মাধ্যম


মস্কো, ০৫ জুন (হি.স./ৰিয়া নভোষ্টি)। উত্তৰ কোৰিয়াৰ নেতা কিম জং উনৰ আমন্ত্ৰণত চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙে অহা ৮-৯ জুনত উত্তৰ কোৰিয়ালৈ ৰাজ্যিক ভ্ৰমণ কৰিব।

শুকুৰবাৰে এই কথা ঘোষণা কৰে কোৰিয়াৰ কেন্দ্ৰীয় সংবাদ সংস্থাই। চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়ীয়ে ৯-১০ এপ্ৰিলত পিয়ংইয়াং ভ্ৰমণ কৰিছিল। ইয়াৰ পূৰ্বে কিম জং উনে জাপানৰ বিৰুদ্ধে যুদ্ধত চীনৰ জয়ৰ ৮০ বছৰীয়া জয়ন্তী উপলক্ষে যোৱা বছৰৰ ২-৪ ছেপ্টেম্বৰলৈ বিশেষ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে ৰাষ্ট্ৰপতি ছি জিনপিঙৰ আমন্ত্ৰণত চীন ভ্ৰমণ কৰিছিল।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande