
শিৱসাগৰ, ০৫ জুন (হি.স.)। আজি বিশ্ব পৰিবেশ দিৱস। সমগ্ৰ বিশ্বতে পালন কৰা হৈছে বিশ্ব পৰিবেশ দিৱস। প্ৰকৃতি আৰু পাৰিপাৰ্শ্বিকতা ৰক্ষাৰ বাবে মানব জাতিক সজাগ কৰিবলৈ আয়োজন কৰা হৈছে বিভিন্ন অনুষ্ঠানৰ।
শিৱসাগৰ নগৰৰ মাজমজিয়াৰ ১ নং পি এম শ্ৰী প্ৰাথমিক বিদ্যালয়তো উদযাপন বিশ্ব পৰিবেশ দিৱস ব্যতিক্ৰমী কাৰ্যসূচীৰে। অন্যহাতে শিৱসাগৰ জিলা সমাজ কল্যাণ বিভাগৰ উদ্যোগত এই বিদ্যালয়ত পৰিবেশ দিৱসৰ লগতে অঙ্গনবাড়ী কেন্দ্ৰৰ কণ কণ শিশুৰ শিক্ষামূলক ভ্ৰমণ কাৰ্যসূচী ৰূপায়িত কৰা হয় আজিৰ এই দিনটোতে।
প্লাষ্টিক আৰু প্ৰদূষণমুক্ত এটা পৰিবেশ গঢ়ি তোলাৰ বাবে সমাজক সজাগ কৰি তোলাৰ উদ্দেশ্যেৰে শিৱসাগৰত বাটৰ নাট প্ৰদৰ্শন কৰা হয় অসমীয়া যুৱ মঞ্চ আৰু অসমীয়া মহিলা মঞ্চৰ উদ্যোগত।
অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ সোণালী জয়ন্তী আৰু বিশ্ব পৰিবেশ দিৱসৰ সৈতে সংগতি ৰাখি অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ উদ্যোগত আৰু অসমীয়া যুৱ মঞ্চ আৰু অসমীয়া মহিলা মঞ্চৰ সহযোগত ৰামধেনু নামৰ সাংস্কৃতিক গোষ্ঠীটোৱে এই বাটৰ নাট প্ৰদৰ্শন কৰে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু