
গোলাঘাট, ০৫ জুন (হি.স.)। আজি বিশ্ব পৰিৱেশ দিৱস। ৰাজ্যৰ বিভিন্ন প্ৰান্তত পৰিৱেশ সুৰক্ষাৰ সজাগতা তথা পৰ্যাবৰন ৰক্ষাৰ বাবে পালন কৰিছে বিশ্ব পৰিৱেশ দিৱস। বোকাখাত সমজিলাৰ ৰজাবাৰীত বিশ্ব পৰিৱেশ দিৱস উদযাপন সমিতিৰ তৰফৰ পৰা এক বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয় পৰিৱেশ দিৱসৰ দিনটোত। পাঁচ শতাধিক মুল্যবান বিভিন্ন গছৰ পুলি বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰে ৰজাবাৰী বিশ্ব পৰিৱেশ দিৱসত।
অৰণ্য মানৱ যাদব পায়েং আজিৰ এই অনুষ্ঠানত উপস্থিত থকা কথা আছিল যদিও ৰাজ্যৰ বাহিৰত থকা বাবে অহা ১০ জুলাই তাৰিখে ৰজাবাৰীত অনুষ্ঠিত হ'বলগীয়া পাঁচ হাজাৰ গছপুলি ৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব বুলি জনালে বিষয়ববীয়া সকলে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু