বিশ্ব পৰিৱেশ দিৱস উপলক্ষে শোণিতপুৰৰ বালিপৰা সংৰক্ষিত বনাঞ্চলৰ চটাই নদী অঞ্চল আৰু ধেনুখনা পাহাৰত বৃক্ষৰোপণ আৰু পৰিৱেশ সংৰক্ষণমূলক কাৰ্যসূচী
শোণিতপুৰ, ০৫ জুন (হি.স.)। বিশ্ব পৰিৱেশ দিৱস ২০২৬ উপলক্ষে শোণিতপুৰ জিলাৰ বালিপৰা সংৰক্ষিত বনাঞ্চলৰ চটাই নদী অঞ্চলত এক বৃহৎ বৃক্ষৰোপণ আৰু পৰিৱেশ সংৰক্ষণমূলক কাৰ্যসূচী আয়োজন কৰা হয়। এই কাৰ্যসূচীত জিলা প্ৰশাসন, বন বিভাগ, বালিপৰা ফাউণ্ডেচন, ইকো টাস্ক
বিশ্ব পৰিৱেশ দিৱস  উপলক্ষে শোণিতপুৰ জিলাৰ বালিপৰা সংৰক্ষিত বনাঞ্চলৰ চটাই নদী অঞ্চলত  আৰু-ধেনুখনা পাহাৰত ৫ হেক্টৰএক বৃহৎ বৃক্ষৰোপণ


বিশ্ব পৰিৱেশ দিৱস  উপলক্ষে শোণিতপুৰ জিলাৰ বালিপৰা সংৰক্ষিত বনাঞ্চলৰ চটাই নদী অঞ্চলত  আৰু-ধেনুখনা পাহাৰত ৫ হেক্টৰএক বৃহৎ বৃক্ষৰোপণ


বিশ্ব পৰিৱেশ দিৱস  উপলক্ষে শোণিতপুৰ জিলাৰ বালিপৰা সংৰক্ষিত বনাঞ্চলৰ চটাই নদী অঞ্চলত  আৰু-ধেনুখনা পাহাৰত ৫ হেক্টৰএক বৃহৎ বৃক্ষৰোপণ


বিশ্ব পৰিৱেশ দিৱস  উপলক্ষে শোণিতপুৰ জিলাৰ বালিপৰা সংৰক্ষিত বনাঞ্চলৰ চটাই নদী অঞ্চলত  আৰু-ধেনুখনা পাহাৰত ৫ হেক্টৰএক বৃহৎ বৃক্ষৰোপণ


বিশ্ব পৰিৱেশ দিৱস  উপলক্ষে শোণিতপুৰ জিলাৰ বালিপৰা সংৰক্ষিত বনাঞ্চলৰ চটাই নদী অঞ্চলত  আৰু-ধেনুখনা পাহাৰত ৫ হেক্টৰএক বৃহৎ বৃক্ষৰোপণ


বিশ্ব পৰিৱেশ দিৱস  উপলক্ষে শোণিতপুৰ জিলাৰ বালিপৰা সংৰক্ষিত বনাঞ্চলৰ চটাই নদী অঞ্চলত  আৰু-ধেনুখনা পাহাৰত ৫ হেক্টৰএক বৃহৎ বৃক্ষৰোপণ


শোণিতপুৰ, ০৫ জুন (হি.স.)। বিশ্ব পৰিৱেশ দিৱস ২০২৬ উপলক্ষে শোণিতপুৰ জিলাৰ বালিপৰা সংৰক্ষিত বনাঞ্চলৰ চটাই নদী অঞ্চলত এক বৃহৎ বৃক্ষৰোপণ আৰু পৰিৱেশ সংৰক্ষণমূলক কাৰ্যসূচী আয়োজন কৰা হয়। এই কাৰ্যসূচীত জিলা প্ৰশাসন, বন বিভাগ, বালিপৰা ফাউণ্ডেচন, ইকো টাস্ক ফ’ৰ্চ নামেৰী, গজৰাজ ক’ৰ্পছৰ প্ৰতিনিধিসকলৰ লগতে স্থানীয় ৰাইজ আৰু আত্মসহায়ক গোট (এছএইছজি–SHG)-ৰ সদস্যসকলে অংশগ্ৰহণ কৰি পৰিৱেশ সুৰক্ষা, পৰিৱেশগত পুনৰুদ্ধাৰ আৰু বহনক্ষম উন্নয়নৰ প্ৰতি সামূহিক অংগীকাৰ দৃঢ় কৰে।

অনুষ্ঠানটোৰ আনুষ্ঠানিক বৃক্ষৰোপণ কাৰ্যসূচী হিচাপে এটি গছপুলি ৰোপণ কৰি শুভাৰম্ভ কৰে শোণিতপুৰ জিলাৰ জিলা আয়ুক্ত শ্ৰী আনন্দ কুমাৰ দাসে । আয়ুক্ত গৰাকীৰ পাছতে চাৰিদুৱাৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া শ্ৰী জয়প্ৰকাশ মহন্ত, বিভিন্ন অংশগ্ৰহণকাৰী, সংস্থাৰ প্ৰতিনিধি আৰু স্থানীয় ৰাইজে গছপুলি ৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

উক্ত বৃ গছপুলি ৰোপণ অভিযান এক বিস্তৃত বনসৃজন আঁচনিৰ অংশ, যাৰ অধীনত ইকো টাস্ক ফ’ৰ্চ নামেৰীৰ প্ৰচেষ্টাত চটাই নদী–বালিপৰা সংৰক্ষিত বনাঞ্চলত ইতিমধ্যে ১৩ লাখতকৈ অধিক গছপুলি ৰোপণ কৰা হৈছে। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বনাঞ্চল পুনৰুজ্জীৱিতকৰণ আৰু পৰিৱেশগত স্থিতিস্থাপকতা অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে পাঁচবিধ থলুৱা উদ্ভিদ প্ৰজাতিৰ ১,১০০টা অতিৰিক্ত পুলি ৰোপণ কৰা হয়।

এই বনানীকৰণ কাৰ্যসূচীৰ লক্ষ্য হৈছে প্ৰায় ৮,০০০ হেক্টৰ অৱক্ষয়ী বনভূমিৰ পুনৰুদ্ধাৰ। এই প্ৰচেষ্টাৰ জৰিয়তে দীৰ্ঘস্থায়ী প্ৰাকৃতিক সম্পদ সৃষ্টি হোৱাৰ লগতে পৰিৱেশগত বহনক্ষমতা শক্তিশালী হ’ব আৰু বনাঞ্চলৰ কাষৰীয়া অঞ্চলত বসবাস কৰা সৰ্বসাধাৰণ ৰাইজে সামাজিক আৰু অৰ্থনৈতিক সুবিধাও লাভ কৰিব। লগতে পৰিৱেশগত সংযোগ বৃদ্ধি, বন্যপ্ৰাণীৰ বাসস্থানৰ মান উন্নতকৰণ আৰু সমগ্ৰ অঞ্চলজুৰি দীৰ্ঘম্যাদী সংৰক্ষণমূলক ফলাফল নিশ্চিত কৰাৰ লক্ষ্য গ্ৰহণ কৰা হৈছে। আজিৰ এই কাৰ্যসূচীটোৱে চৰকাৰী সংস্থা, ভাৰতীয় সেনাবাহিনী, পৰিৱেশ সংৰক্ষণমূলক সংগঠন আৰু স্থানীয় ৰাইজৰ মাজত সামূহিক দায়িত্ববোধ আৰু সহযোগিতাৰ মনোভাৱৰ প্ৰতিফলন ঘটায়। ইয়াৰোপৰি অঞ্চলটোৰ সমৃদ্ধ জৈৱ বৈচিত্ৰ্য আৰু প্ৰাকৃতিক ঐতিহ্য সংৰক্ষণৰ ক্ষেত্ৰত এই কাৰ্যসূচীয়ে এক উল্লেখযোগ্য ভূমিকা পালন কৰিছে।

ইয়াৰ পাছতে, আয়ুক্ত গৰাকীয়ে বিশ্ব পৰিৱেশ দিৱস ২০২৬ উপলক্ষে শোণিতপুৰ পশ্চিম বন সংমণ্ডলৰ সদৰ ৰেঞ্জৰ অন্তৰ্গত ধেনুখনা পাহাৰ ক্ষতিপূৰণমূলক বনানীকৰণ (Compensatory Afforestation) ভূমিত ১৩৪ ইকো টাস্ক ফ’ৰ্চৰ সহযোগত আয়োজন কৰা আন এক গছপুলি ৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

উক্ত কাৰ্যসূচীত ১৩৪ ইকো টাস্ক ফ’ৰ্চৰ কমাণ্ডেণ্ট শ্ৰী আদৰ্শ নায়ক, মেজৰ কানহাইয়া আগৰৱাল, শোণিতপুৰ পশ্চিম বন সংমণ্ডলৰ বিভাগীয় বন বিষয়া শ্ৰী বিশ্ব জ্যোতি দাসকে ধৰি বন বিভাগৰ বিষয়াসকল, তেজপুৰ উন্নয়ন মঞ্চ, তেজপুৰ নাগৰিক সমাজৰ প্ৰতিনিধিসকল, দ-পৰ্বতীয়া বেজৰচুবুৰী গাঁওৰ প্ৰতিনিধি আৰু ভিডিপি সদস্যসকল, স্থানীয় বাসিন্দা আৰু গণেশ মন্দিৰ সমিতিৰ সদস্যসকল উপস্থিত থাকে।

বিশ্ব পৰিৱেশ দিৱস উদযাপনৰ অংশ হিচাপে ধেনুখনা পাহাৰত ৫ হেক্টৰ ক্ষতিপূৰণমূলক বনানীকৰণ এলেকাত প্ৰায় ১,৫০০টা গছপুলি ৰোপণ কৰা হয়। এই কাৰ্যসূচীত ৰাইজৰ অংশগ্ৰহণ আৰু প্ৰতিষ্ঠানিক সহযোগিতাৰ জৰিয়তে অৱক্ষয়ী ভূ-প্ৰকৃতি পুনৰুদ্ধাৰৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। অংশগ্ৰহণকাৰীসকলে পৰিৱেশ সংৰক্ষণ আৰু প্ৰাকৃতিক সম্পদৰ বহনক্ষম ব্যৱস্থাপনাৰ প্ৰতি নিজৰ দায়বদ্ধতা দৃঢ় কৰে।

এই উপলক্ষে ভাষণ দি আয়ুক্ত গৰাকীয়ে কয় যে পৰিৱেশ সংৰক্ষণৰ বাবে সামূহিক প্ৰচেষ্টা আৰু দীৰ্ঘস্থায়ীভাৱে ৰাইজৰ অংশগ্ৰহণ অতি প্ৰয়োজনীয়। তেখেতে নাগৰিকসকলক জিলাখনৰ সেউজ আৱৰণ বৃদ্ধি, পৰিৱেশগত সম্পদ সংৰক্ষণ আৰু ভৱিষ্যৎ প্ৰজন্মৰ বাবে এক সুস্থ আৰু বহনক্ষম পৰিৱেশ গঢ়ি তোলাৰ দিশত সক্ৰিয়ভাৱে অৱদান আগবঢ়াবলৈ আহ্বান জনায়।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande