টিহু সমষ্টিৰ সুৰাদী হাইস্কুলত বিশ্ব পৰিৱেশ দিৱস পালন
নলবাৰী, ০৫ জুন (হি.স.)। টিহু সমষ্টিৰ সুৰাদী হাইস্কুলত বিশ্ব পৰিৱেশ দিৱস পালন। গৰিয়া মৰীয়া দেশী জাতীয় পৰিষদৰ উদ্যোগত গছ পুলি ৰোপণ কাৰ্যসূচী ।নলবাৰী জিলাৰ টিহু বিধানসভা সমষ্টিৰ দীপ্তাস্থিত সুৰাদী হাইস্কুলত আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বিভিন্ন কাৰ্যস
টিহু সমষ্টিৰ সুৰাদী হাইস্কুলত বিশ্ব পৰিৱেশ দিৱস পালন


নলবাৰী, ০৫ জুন (হি.স.)। টিহু সমষ্টিৰ সুৰাদী হাইস্কুলত বিশ্ব পৰিৱেশ দিৱস পালন। গৰিয়া মৰীয়া দেশী জাতীয় পৰিষদৰ উদ্যোগত গছ পুলি ৰোপণ কাৰ্যসূচী ।নলবাৰী জিলাৰ টিহু বিধানসভা সমষ্টিৰ দীপ্তাস্থিত সুৰাদী হাইস্কুলত আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচীৰে দিৱসটো পালন কৰা হয়। নলবাৰী জিলা গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ উদ্যোগত আয়োজিত উক্ত কাৰ্যসূচীত পৰিৱেশ সংৰক্ষণ আৰু সেউজীয়া পৰিৱেশ গঢ়াৰ লক্ষ্যৰে গছ পুলি ৰোপণ কৰা হয়।

অনুষ্ঠানত গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ বিষয়ববীয়া, বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে। উপস্থিত বক্তাসকলে পৰিৱেশ সংৰক্ষণৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি বৃক্ষৰোপণৰ জৰিয়তে প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰাৰ আহ্বান জনায়।

বিশ্ব পৰিৱেশ দিৱসৰ দিনটোতে চৌহদত কৃত্ৰিম বানপানীয়ে শৈক্ষিক পৰিৱেশ বিনষ্ট কৰা দেখিবলৈ পোৱা যায়।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande